টীম ইণ্ডিয়াৰ অষ্ট্রেলিয়া ভ্রমণৰ সম্পূর্ণ সূচী ঘোষণা
ঐতিহাসিক মেলব’ন ক্রিকেট গ্রাউণ্ডতে অনুষ্ঠিত হ’ব বক্সিং ডে’ টেষ্ট
নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ সমাগত অষ্ট্রেলিয়া ভ্রমণত টীম ইণ্ডিয়াই পৰম্পৰা অনুসৰি ঐতিহাসিক মেলব’ন ক্রিকেট গ্রাউণ্ডতে বক্সিং ডে’ টেষ্ট খেলিব৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি এইবাৰৰ বক্সিং ডে’ টেষ্ট মেলব’নৰ সলনি ছিডনীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা সৃষ্টি হৈছিল যদিও ক্রিকেট অষ্ট্রেলিয়াই আজি এই ঐতিহাসিক মেচখনৰ ভেন্যু হিচাপে মেলব’নক নির্বাচিত কৰে৷ এদিনীয়া, টি–২০ আৰু টেষ্ট শৃংখলাৰ সম্পূর্ণ সূচী ঘোষণা কৰি ক্রিকেট অষ্ট্রেলিয়াই কৈছে যে অহা ১২ নৱেম্বৰত ভাৰতীয় ক্রিকেটাৰসকল ডুবাইৰ পৰা ছিডনীত উপস্থিত হ’ব৷ ইয়াৰ পিছতে দলটো ছিডনীত ১৪ দিনৰ কোৱাৰেণ্টাইনত থাকিব৷ কোৱাৰেণ্টাইনৰ সময়ছোৱাত খেলুৱৈসকলে অনুশীলনত অংশ লোৱাৰ সুযোগ পাব বুলিও দেশখনৰ ক্রিকেট ব’র্ডে জানিবলৈ দিছে৷ ইফালে, ১৭–২১ ডিচেম্বৰত এডিলেইড অ’ভেলত অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া প্রথম টেষ্টৰ পূর্বে টীম ইণ্ডিয়াই এখন দিবা–নৈশ প্রস্তুতি মেচ খেলাৰ সুযোগ পাব৷ মন কৰিবলগীয়া যে এডিলেইড অ’ভেলত অনুষ্ঠিত হ’বলগীয়া ভাৰত–ষ্ট্রেলিয়াৰ প্রথম টেষ্টখন দিবা–নৈশকৈ খেলোৱা হ’ব৷ দল দুটাই ২৬–৩০ ডিচেম্বৰত দ্বিতীয় টেষ্ট, ৭–১১ জানুৱাৰীত তৃতীয় টেষ্ট আৰু ১৫–১৯ জানুৱাৰীত চতুর্থ তথা অন্তিম টেষ্ট খেলিব৷ ইয়াৰ পূর্বে ভাৰত–ষ্ট্রেলিয়াই ২৭ নৱেম্বৰত প্রথম এদিনীয়া, ২৯ নৱেম্বৰত দ্বিতীয় এদিনীয়া, ২ ডিচেম্বৰত তৃতীয় এদিনীয়া, ৪ ডিচেম্বৰত প্রথম টি–২০, ৬ ডিচেম্বৰত দ্বিতীয় টি–২০ আৰু ৮ ডিচেম্বৰত তৃতীয় টি–২০ত পৰস্পৰৰ মুখামুখি হ’ব৷ এদিনীয়া শৃংখলাৰ আটাইকেইখন মেচ দিবা–নৈশকৈ খেলোৱা হ’ব৷