শ্বেৰমান আলীক মুখ বন্ধ কৰিবলৈ নিৰ্দেশ ৰিপুণ বৰাৰ
নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ শ্বেৰমান আলীৰ মিঞা মিউজিয়াম প্ৰসংগক লৈ মুখ বন্ধ কৰিবলৈ নিৰ্দেশ APCC সভাপতি ৰিপুণ বৰাৰ। মিঞা মিউজিয়ামৰ বিৰোধিতা কৰি ৰিপুণ বৰাই পত্ৰ প্ৰেৰণ কৰে শ্বেৰমান আলীলৈ। মিডিয়াত আপুনি মিঞা মিউজিয়াম স্থাপনৰ ক্ষেত্ৰত বিতৰ্কৰ সৃষ্টি হৈছে । চৰ অঞ্চলৰ কলা-সংস্কৃতি সংৰক্ষণক লৈ আপুনি যি মন্তব্য কৰিছে সেই ক্ষেত্ৰত আপুনি শুদ্ধ কিন্তু এই অজুহাতত বিজেপিয়ে ভোট বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে। গতিকে এই মিঞা মিউজিয়াম সন্দৰ্ভত আপুনি মন্তব্য কৰাৰ পৰা বিৰত থকাৰ নিৰ্দেশ APCC সভাপতিগৰাকীৰ।