আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা
নিয়মীয়া বাৰ্তা ৩০ অক্টোবৰঃ সুখ-সমৃদ্ধি, ধন-ঐশ্বৰ্যপ্ৰাপ্তিৰ কামনাৰে আজি পালন কৰা হৈছে লক্ষ্মী পূজা। পঞ্জিকা অনুসৰি আজি সন্ধিয়া ৫ বাজি ৮ মিনিট ১৭ চেকেণ্ডৰ পৰা অহা ৩১ অক্টোবৰৰ নিশা ৭ বাজি ১৫ মিনিট ৫৩ ছেকেণ্ডলৈ লক্ষ্মী পূজাৰ সময়। ধন-ধানেৰে উপচি পৰাৰ কামনাৰে এগছি বন্তি, শৰাই আগহঢ়াই ৰাজ্যবাসীয়ে প্ৰাৰ্থনা জনাব ধনৰ অধিষ্ঠাত্ৰী দেৱ লক্ষ্মীক। ইতিমধ্য়ে লক্ষ্মী পূজাৰ প্ৰাকক্ষণত মহানগৰীৰ বজাৰ উভৈনদী হৈ পৰিছে পূজাৰ সামগ্ৰীৰে। গণেশগুৰিকে ধৰি বিভিন্ন প্ৰান্তত ধানৰ থোক, মাটিৰ চাকি, কলপুলি, তুলসী, দূবৰি আদি বিক্ৰী হোৱা পৰিলক্ষিত হৈছে।