কলাক্ষেত্ৰত অকল মিঞা নহয় লাগে বাঙালী মিউজিয়ামো, দাবী এগৰাকী কংগ্ৰেছ বিধায়কৰ
নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনক লৈ বিতৰ্ক চলি থকাৰ মাজতে এইবাৰ বাঙালী মিউজিয়ামৰ দাবী উত্থাপন কৰিলে কংগ্ৰেছৰ বিধায়কে।
এইগৰাকী কংগ্ৰেছ বিধায়ক হ’ল কমলাক্ষ দে’ পুৰকায়স্থ। ভাৰতৰ স্বাধীনতা আন্দোলনত বাঙালীসকলৰ অৱদানৰ কথা সুঁৱৰি কমলাক্ষ দে’ই বাঙালী মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰে।
বিধায়কগৰাকীৰ মত যে শংকৰদেৱ কলাক্ষেত্ৰ অসমৰ এটা সম্পদ, গতিকে ইয়াত অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সংস্কৃতিয়ে ঠাই পাব লাগে। বড়ো, ৰাভাৰ দৰে বাঙালী সংস্কৃতিয়েও কলাক্ষেত্ৰত ঠাই পোৱাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে।
উল্লেখ্য, শ্বেৰমান আলী আহমেদৰ মিঞা মিউজিয়ামৰ প্ৰস্তাৱৰ পিছত কমলাক্ষ দে’ পুৰকায়স্থৰ বাঙলী মিউজিয়ামৰ প্ৰস্তাৱেও ৰাজ্যত কি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সেয়া সময়ত লক্ষণীয় হ’ব।