বৃহৎ ভূমিকম্প: তুৰ্কীত তাচপাতৰ দৰে খহিল অট্টালিকা
নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ: আজি সন্ধিয়া ভাৰতীয় সময় অনুসৰি ৫.৩০ বজাত পশ্চিম তুৰ্কী আৰু গ্ৰীচত শক্তিশালী ভূমিকম্প হয়। ভূমিকম্পৰ জোকাৰণি ইমানেই প্ৰবল আছিল যে তাচপাতৰ দৰে খহি পৰে বহু অট্টালিকা।ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 7.0। শেহতীয়া তথ্য অনুসৰি, ভূমিকম্পত এতিয়ালৈকে চাৰিজন লোক নিহত হৈছে আৰু ১২০ জন লোক আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। কিন্তু ক্ষতিগ্ৰস্তলৈ চাই মৃতকৰ সংখ্যা যথেষ্টখিনি বৃদ্ধি পোৱাৰ আশংকা আছে। ভূমিকম্পৰ কেন্দ্ৰ গ্ৰীচৰ দ্বীপ চাম’ছৰ পৰা ১৩ কিলোমিটাৰ উত্তৰ-পূবত আছিল।