৭৬ বছৰৰ মূৰত আজি হেল’ৱিনত প্রথম পূর্ণিমা
নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ বিশ্ববাসী আজি এক বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব৷ মহাকাশত উজলি উঠিব বিৰল নীলা চন্দ্র৷ হেল’ৱিন–২০২০ উপলক্ষে আকাশত বিৰল দৃশ্যৰ ৰূপত পূর্ণিমাৰ জোনটো হৈ উঠিব নীলা৷ নাছাই প্রকাশ কৰা মতে, হেল’ৱিনৰ প্রথম পূর্ণিমাৰ জোনটো নীলা হ’ব ৭৬ বছৰৰ মূৰকত৷ বিশ্বব্রহ্মাণ্ডৰ মহাজাগতিক পৰিঘটনাৰ ৰহস্যঘন স্থিতিক লৈ উৎকণ্ঠিত বিশ্ববাসীয়ে এমাহতে দ্বিতীয়টো পূর্ণিমাত নীলা চন্দ্র প্রত্যক্ষ কৰিব৷ তাৎপর্যপূর্ণ যে ২০২০ বর্ষটোত পূর্ণিমাক লৈও বিশেষত্ব আছে৷ এই বর্ষটোত ১৩টা পূর্ণিমা হ’ব৷ প্রথম পূর্ণিমা ১০ জানুৱাৰীত হোৱাৰ পাছত পর্যায়ক্রমে মাহে মাহে পূর্ণিমা হৈ আহিছে৷ কিন্তু অক্টোবৰ মাহটোত দুটাকৈ পূর্ণিমা হ’ব৷ প্রথমটো ১ অক্টোবৰত হৈ যোৱাৰ পাছত কাইলৈ ৩১ অক্টোবৰত দ্বিতীয়টো পূর্ণিমা হ’ব৷ হেল’ৱিন পূর্ণিমাত নীলা চন্দ্রটো নিশা ৮ বজাৰ পাছত আকাশত প্রত্যক্ষ হ’ব৷