দহবাৰ বিবাহ পাশত আবদ্ধ হৈও পোৱা নাই যোগ্য স্বামী…এঘাৰ নম্বৰ জনৰ সন্ধানত
নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ সাধাৰণতে এগৰাকী মহিলাই এজন পুৰুষৰ লগতে সমগ্ৰ জীৱন একেলগে পাৰ কৰে। সমগ্ৰ জীৱনৰ দুখ সুখৰ সমভাগী হয় পুৰুষ আৰু মহিলা। কিন্তু এনেকুৱা মহিলাও আছে যি দহবাৰ বিবাহ পাশত আৱদ্ধ হৈছে যদিও এতিয়ালৈকে যোগ্য স্বামী বিচাৰি পোৱা নাই। সেই মহিলাগৰাকীয়ে এতিয়া এঘাৰ নম্বৰ স্বামী বিচাৰি ফুৰিছে।
মহিলা গৰাকী হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ। ৫৬ বছৰীয়া লেডী কেচীয়ে ১০ জন স্বামীৰ সংগ ত্যাগ কৰি এতিয়া ১১ নম্বৰ স্বামী বিচাৰি ফুৰিছে। কিন্তু কেচীৰ কোনো ধৰণৰ চিন্তা নাই, সংকোচ নাই যে তেওঁ এতিয়ালৈকে কিমানবাৰ বিবাহ পাশত আবদ্ধ হৈছে। কাৰণ কেচীয়ে এতিয়ালৈকে যোগ্য স্বামী বিচাৰি পোৱা নাই।
উল্লেখ্য যে কেচীৰ দীঘলীয়া বিবাহ আঠ বছৰ লৈকে টিকি আছিল আৰু সৰ্বনিম্ন বিবাহ আছিল ছয়মাহ।