নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘৰৰ ছাদত স্কৰপিঅ কিন্তু কেনেকৈ…

নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ ঘৰৰ ছাদত গাড়ী! আচৰিত, ঘৰৰ ছাদত কিদৰে গাড়ী উঠিলে। কি প্ৰণালী গ্ৰহণ কৰা হৈছে, গাড়ীৰৰ গেৰেজ ঘৰৰ ছাদত নেকি, অলেখ প্ৰশ্ন বহুতৰ মনত। শেহতীয়াকৈ ছচিয়েল মিডিয়াত ঘৰৰ ছাদত এখন গাড়ী উঠাক লৈ সকলোৰে চকু কপালত উঠিছে।

কিন্তু প্ৰকৃত ঘটনাটো গম পাই সকলো আচৰিত। প্ৰত্যক জন মানুহৰে প্ৰথম খন গাড়ীৰ প্ৰতি আকৰ্ষণ থাকে। যদি প্ৰথম খন গাড়ী স্কৰপিঅ হয় তেতিয়া হলে কথাই বেলেগ। জানিব পৰা মতে বিহাৰৰ ভাগলপুৰৰ অন্তৰস আলম নামৰ ব্যক্তিয়ে স্কৰপিঅ কিনিছিলে। কিন্তু বৰ্তমান সময়ত আলমৰ ওচৰত সেই খন গাড়ী নাই। কিন্তু গাড়ী খন পাহিৰব পৰা নাই আলমে। গাড়ী খনৰ স্মৃতিত আলমে ঘৰৰ ছাদত পানী টেংকিটো স্কৰপিঅ দৰে নিৰ্মাণ কৰিছে।

বৰ্তমান সময়ত সেই অঞ্চলৰ লগতে দূৰণি লৈকে জনপ্ৰিয় হৈছে ঘৰটো। বহুলোকে দূৰৰ পৰা এতিয়া স্কৰপিঅ পানীটেংকিটো চাবলৈ আহিছে। প্ৰতিদিনে ভিৰ কৰিছে বহু লোকে।

উল্লেখ্য যে আলমে ২.৫ লাখ টকা খৰচ কৰিছে স্কৰপিঅৰ পানী টেংকিটোৰ বাবে।

You might also like