বিশুদ্ধ খোৱাপানীৰ নামত বৰবিহ বিক্রী কেভিন কোম্পানীৰ
গ্রাহকৰ অভিযোগৰ ভিত্তিত কর্তৃপক্ষৰ দোষ স্বীকাৰ
নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰঃ এটুপি বিশুদ্ধ খোৱাপানীৰ নামত চৌদিশে বজাৰত বৰবিহ মেলি দিছে এটি বিশুদ্ধ খোৱাপানী প্রস্তুতকাৰী কোম্পানীয়ে৷ আজাৰা থানাৰ অন্তর্গত জৱেস্থিত (পাটগাঁও) কেভিন নামৰ এটি কোম্পানীয়ে চৰম মইমতালিৰে বিশুদ্ধ খোৱাপানীৰ নামত ৰাইজলৈ মেলি দিছে বৰবিহ৷
অভিযোগ অনুসৰি, কামৰূপ জিলাৰ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ বঙৰা–ৰাণী এন ই চি ৰাস্তা (পাটগাঁও) সংযোগী আজাৰা আৰক্ষী থানাৰ এলেকাৰ এই কেভিন নামৰ বিশুদ্ধ পানী প্রস্তুতকাৰী কোম্পানীটোৱে বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন দোকান–পোহাৰ, অনুষ্ঠান–প্রতিষ্ঠানৰ লগতে মহানগৰী আৰু বিভিন্ন জিলালৈ প্রেৰণ কৰে পানী৷
কিন্তু বিশুদ্ধ খোৱাপানী প্রস্তুতকাৰী এই কোম্পানীটোৱে ৰাইজলৈ পানীৰ নামত বৰবিহ মুকলি কৰি দিয়া তথ্যসহকাৰে অভিযোগ উত্থাপিত কৰিছে এইবাৰ স্বয়ং গ্রাহকে৷ ঘটনা অনুসৰি কিছুদিন পূর্বে বিশুদ্ধ খোৱাপানী প্রস্তুতকাৰী কোম্পানীটোৱে সমীপৱর্তী বঙৰাৰ কেইখনমান দোকানত যোগান ধৰিছিল বিশুদ্ধ খোৱাপানীৰ কার্টন কিন্তু বিশুদ্ধ খোৱাপানীৰ বটলৰ ভিতৰত আছে বিভিন্ন ধৰণৰ বেক্টেৰীয়া স্বৰূপ ক্ষুদ্র ক্ষুদ্র চকুৰে মণিব পৰা অস্বাস্থ্যকৰ দ্রব্য, যাৰ বাবে এই পানী সেৱন কৰি বিভিন্নজন গ্রাহকে দোকানীক ওভতাই দিছে পানী বটল৷
অৱশ্যে এই সন্দর্ভত উদ্যোগ কর্তৃপক্ষই একেমুখে দোষ স্বীকাৰ কাৰে সংবাদমাধ্যমৰ আগত৷ এতিয়া প্রশ্ণ হয় বিভাগীয় কর্তৃপক্ষৰ চকুত ধূলি দি এনেধৰণৰ উদ্যোগ–প্রতিষ্ঠানে চৰম হেতালি খেলি আছে নেকি ৰাইজৰ স্বাস্থ্যৰ লগত৷ ৰাইজৰ স্বাস্থ্যৰ প্রতি ভাবুকি সৃষ্টি কৰা এনেধৰণৰ কোম্পানীৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’বনে বিভাগীয় বিষয়াই সেয়া সময়তহে লক্ষণীয় হ’ব৷