নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক প্রত্যাহ্বান জনাই শ্বেৰমানে ক’লে, মোক আজিয়েই গ্রেপ্তাৰ কৰক

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ কলাক্ষেত্রত মিঞা মিউজিয়াম স্থাপন কৰি নীলা লুঙী সংৰক্ষণ কৰিব বিচৰা কংগ্রেছী বিধায়ক শ্বেৰমান আলী আহমেদক বিধানসভা নির্বাচনৰ পাছতেই গ্রেপ্তাৰ কৰি জে’ললৈ নিক্ষেপ কৰা হ’ব বুলি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা মন্তব্যত বিধায়কজনে প্রতিক্রিয়া ব্যক্ত কৰিছে৷ বিধায়ক আহমেদে তেওঁক বিধানসভা নির্বাচনৰ পাছত কিয়, আজিয়েই গ্রেপ্তাৰ কৰিবলৈ মন্ত্রীগৰাকীক প্রত্যাহ্বান জনায়৷ দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই সন্দর্ভত বিধায়ক আহমেদে কয়– ‘সাত মাহ পাছত কিয়, মোক আজিয়েই গ্রেপ্তাৰ কৰক৷ বর্তমান কেন্দ্রত দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে বিজেপিৰ চৰকাৰ আছে৷ ৰাজ্যতো বিজেপিৰ চৰকাৰ আছে৷ ৰাজ্য চৰকাৰখনৰ কার্যকাল এতিয়াও সাত মাহ আছে৷ এনে অৱস্থাত মোক আজিয়েই গ্রেপ্তাৰ নকৰে কিয়? সাত মাহ পাছত মই পূর্বতকৈ অধিক ভোট লাভ কৰি পুনৰ বিধায়ক হিচাপে নির্বাচিত হ’ম৷ এনে অৱস্থাত যদি সঁচাই মই দোষী, সাত মাহলৈ সময় দিয়াৰ কাৰণ কি? সাত মাহ সময় দি বিপুল ভোটত জয়ী হোৱাৰ সুযোগ দিয়াহে হ’ব৷’ তেওঁ আৰু কয় যে কোন জে’ললৈ যাব–নাযাব, সেই সিদ্ধান্ত ন্যায়পালিকাইহে গ্রহণ কৰে৷ মন্ত্রী ড০ শর্মা বিধানপালিকা আৰু কার্যপালিকাতহে আছে৷ তেওঁ মোক জে’ললৈ পঠিয়াবলৈ কেতিয়াৰ পৰা ন্যায়পালিকাৰ ক্ষমতা পালে বুলিও প্রশ্ন কৰে৷

সংবাদ মাধ্যমৰ আগত তেওঁ আৰু কয় যে তেওঁ কলাক্ষেত্রত লুঙী সংৰক্ষণৰ কথা কোৱা নাছিল৷ সেয়া বিজেপিয়ে সৃষ্টি কৰা ইছ্যুহে৷ বিধানসভাৰ শিক্ষা বিভাগৰ বিভাগীয়ভাৱে সম্পর্কিত স্থায়ী কমিটীৰ বৈঠকত চৰ–চাপৰি অঞ্চলত বসবাস কৰা জনসাধাৰণৰ কৃষ্টি–সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ এটা প্রস্তাৱ দিছিল আৰু সেই প্রস্তাৱ কমিটীৰ লগতে বিধানসভাত অনুমোদনো হৈছিল৷ তাৰ আধাৰত তেওঁ সংগ্রহালয় সঞ্চালকক অলপতে এখন পত্র দিয়ে৷ পৰৱর্তী পর্যায়ত তেওঁ নিজৰ ফেচবুক পেজত সেই সংগ্রহালয়ৰ নাম মিঞা মিউজিয়াম হ’ব লাগে বুলি ব্যক্তিগত মতামত দাঙি ধৰিছিল৷ কিন্তু চৰকাৰী নথিত তেওঁ কেতিয়াও মিঞা মিউজিয়ামৰ কথা কোৱা নাই৷ বিজেপিয়ে চৰকাৰী নথিৰ বিষয়সমূহ গৌণ কৰি তেওঁৰ ফেচবুকত দিয়া ব্যক্তিগত মতামতক ইছ্যু হিচাপে লৈ বিষয়টোৰ ৰাজনীতিকৰণ কৰিছে৷

You might also like