নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস..প্ৰধানমন্ত্ৰীয়ে জোৱানৰ সাহসক দিলে চেল্যুত

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ প্ৰধানমন্ত্ৰীয়ে নৰেন্দ্ৰ মোডীয়ে শনিবাৰে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস হিচাপে সেনাৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ সাহসক কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে “এই সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস হিচাপে আমাৰ বাহিনী আৰু তেওঁলোকৰ পৰিয়ালৰ সাহসক চেল্যুত কৰিছো। মই সকলোকে আগ্ৰহ প্ৰকাশ কৰিছো যে আমাৰ বাহিনীসকলক কল্যাণৰ কাৰণে যোগদান দিয়ে যেন।” এই উপলক্ষে এগৰাকী কিশোৰীয়ে প্ৰধানমন্ত্ৰী মোডীৰ জেকেটত পতাকা লগাই দিয়ে আৰু তাৰ পিছত তাই সশস্ত্ৰ বলৰ কল্যাণৰ কাৰণে দান পাত্ৰত আৰ্থিক সাহায্য প্ৰদান কৰে। এই উপলক্ষে ৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে কয় যে আমি দেশৰ সন্মানৰ কাৰণে যুঁজ দিয়া সৈনিক সকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো। আপোনালোকে অনলাইন অথবা চেকৰ যোগেদি এই পতাকা দিৱসৰ কোষত নিজৰ যোগদান কৰিব পাৰিব।

উল্লেখ্য যে ১৯৪৯ চনৰ পিছত প্ৰতি বৰ্ষতে আজিৰ দিনটোত শ্বহীদ জোৱান আৰু সীমাৰ সুৰক্ষাত নিয়োজিত হৈ থকা সৈনিক সকলক সন্মানৰ কাৰণে সশস্ত্ৰ বাহিনীৰ পতাকা দিৱস পালন কৰা হৈছে।

You might also like