নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাস্ক পিন্ধা বাটৰুৱাক দিলে ১ কিলোকৈ পিঁয়াজ, ক’ৰোনা সজাগতা

নিয়মীয়া বাৰ্তা, ২ নৱেম্বৰঃ ক’ৰোনা মহামাৰীৰ দ্বিতীয় প্ৰৱাহৰ আশংকা চাৰিওফালে। বিশেষকৈ ইউৰোপত লকডাউন পৰ্যন্ত ঘোষণা কৰিছে চৰকাৰে। এনে এক সময়ত কিন্তু ভাৰতত ক’ৰোনাক লৈ পূৰ্বৰ দৰে সচেতনতাৰ অভাৱ দেখা গৈছে। অথচ দিল্লীত পুনৰ ক’ৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰিছে।

এনে এক সময়তে পশ্চিমবংগৰ এটা সংগঠনে মাস্ক পৰিধানক লৈ সৃষ্টি কৰিছে এক সজাগতা। পশ্চিমবংগৰ বৰ্ধমান নগৰৰ পল্লাৰোড পল্লীমংগল সমিতি নামৰ এক সংগঠনে মাস্ক পিন্ধা বাটৰুৱাক দিছে এক কিলোকৈ পিঁয়াজ।

আনহাতে মাস্ক পৰিধান নকৰাসকলকো মাস্ক প্ৰদান কৰি সজাগতা অনাৰ চেষ্টা কৰিছে সমিতিখনে। বৰ্তমান পিঁয়াজৰ মূল্য বৃদ্ধিৰ সময়ত সমিতিখনৰ এই কাৰ্যই আনন্দৰ খোৰাকো জন্মাইছে অঞ্চলটোত।

You might also like