নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ গাত এক বিন্দু তেজ থকালৈকে দিছপুৰৰ ওচৰলৈ আহিব নিদিওঁ আজমলকঃ ড০ শর্মা

মিঞা কবিতা–মিঞা লুঙীয়ে আমাক খেদি ফুৰিছেঃ ভাৰতত থাকিব খুজিলে ৰামৰ ওপৰত কবিতা সৃষ্টি হ’ব লাগিব

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ ‘আমাৰ সন্মুখত তীব্র প্রত্যাহ্বান আছে৷ মিঞা কবিতা, মিঞা লুঙীয়ে আমাক খেদি ফুৰিছে৷ আমি বেজ হৈ জাৰিব লাগিব৷ মই বদৰুদ্দিন আজমলক কৈছোঁ বিজেপিৰ গাত এক বিন্দু তেজ থকালৈকে আজমলে চৰকাৰ গঠন কৰিব নোৱাৰে৷ আজমলক দিছপুৰৰ ওচৰলৈকে আহিব নিদিওঁ৷ অসম মাতৃক আৰু ভাৰত মাতৃক আমি ৰক্ষা কৰিব লাগিব৷ ভাৰতত যদি জীয়াই থাকিব খুজিছা, ৰামৰ ওপৰত কবিতা সৃষ্টি হ’ব লাগিব৷ ইয়াত মিঞা কবিতাৰ কোনো স্থান নাই৷ মিঞা পাব্লিক স্কুলৰ হ’ব নোৱাৰে৷ লুঙী কলাক্ষেত্রত নহয়৷ মিঞা লুঙী পিন্ধি অসমীয়া সংস্কৃতিক অপমান কৰাসকল জে’লত থাকিব লাগিব৷’ –শোণিতপুৰ জিলাৰ ঢ়েকীয়াজুলি আৰু বৰছলা বিধানসভা সমষ্টিৰ ১০টাকৈ উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰি অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই মন্তব্য কৰে৷ মন্ত্রী ড০ শর্মাই সোমবাৰে পুৱা ১১.৩০ বজাত বৰছলা বিধানসভা সমষ্টিৰ কেহেৰুখন্দাত পি এম জি এছ ৱাই পথৰ শুভ উদ্বোধন কৰে৷ দুপৰীয়া ১২ বজাত ঢ়েকীয়াজুলিৰ জংঘলবস্তিত ১৯৪২ৰ শ্বহীদ স্মাৰকৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এখন অনাথ আশ্রমৰ আধাৰশিলা স্থাপন কৰে৷ দুপৰীয়া ১২.৪৫ বজাত বৰছলা বিধানসভা সমষ্টিৰ ঢ়েকীয়াজুলি চাহ বাগিচাত আদর্শ হাইস্কুলৰ আধাৰশিলা স্থাপন কৰাৰ লগতে দুপৰীয়া ১ বজাত বৰছলা সমষ্টিৰ ভোটপাৰাত অৱস্থিত শ্রীশ্রীজগন্নাথ মন্দিৰত এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰে মন্ত্রীগৰাকীয়ে৷ ইয়াৰ পাছত ঢ়েকীয়াজুলি বিধানসভা সমষ্টিৰ পাণবাৰী চাহ বাগিচাত আদর্শ হাইস্কুল, ডিব্রু–দৰং চাহ বাগিচাত আদর্শ হাইস্কুল, নাৰায়ণপুৰ চাহ বাগিচাত আদর্শ হাইস্কুলৰ আধাৰশিলা স্থাপন কৰে মন্ত্রীগৰাকীয়ে৷

উক্ত কার্যসূচীৰ পাছতে বৰছলা সমষ্টিৰ জোৰাদিয়াত পি এম জি এছ ৱাই পথৰ শুভ উদ্বোধন কৰে মন্ত্রীগৰাকীয়ে৷ সন্ধিয়া ৬ বজাত ঢ়েকীয়াজুলিত শিক্ষক–শিক্ষয়িত্রীবৃ লগতে বিজেপিৰ জ্যেষ্ঠ কার্যকর্তাসকলৰ লগত এখন সভাত অংশগ্রহণ কৰে মন্ত্রীগৰাকীয়ে৷ মন্ত্রী ড০ শর্মাই বিৰোধী দল কংগ্রেছক তীব্র কটাক্ষ কৰি কয়– ‘কংগ্রেছে ধুতী আৰু লুঙীৰ ৰাজনীতি কৰি আছিল৷ আমি উন্নয়নৰ ৰাজনীতি কৰিছেছা৷ অসমত বিৰামবিহীনভাৱে উন্নয়নত আমি অগ্রসৰ হৈছেছা৷ অসমৰ প্রতিটো জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰিছেছা৷ অসমে ভাৰতৰ ৫খন শ্রেষ্ঠ ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ অসমৰ এতিয়া উন্নয়নৰ অনিৰুদ্ধ গতি৷’ ঢ়েকীয়াজুলিৰ পাণবাৰীৰ ৰাজহুৱা সভাত অংশ লৈ মন্ত্রীগৰাকীয়ে ভাষণ প্রদান কৰি কয় যে বিগত ৭০ বছৰত চাহ বাগিচাত কোনো উন্নয়নমূলক কাম হোৱা নাছিল৷কংগ্রেছৰ চৰকাৰৰ দিনত বাগিচাত কোনো কাম হোৱা নাছিল৷ যোৱা চাৰি বছৰত বাগিচাৰ উন্নয়নৰ বাবে ৮০০ কোটি টকা ব্যয় কৰা হৈছে৷ ৰাজ্যখনত ১৪২ কোটি টকা খৰচ কৰি ১১৯খন আদর্শ হাইস্কুল নির্মাণ কৰা হৈছে৷ মন্ত্রীগৰাকীয়ে কংগ্রেছ নেতা জিতেন্দ্র সিঙৰ বিষয়ে কটাক্ষ কৰি কয় যে ৭০ বছৰ চাহ বাগিচাৰ ৰাইজৰ খবৰ লওঁতেই গ’ল কংগ্রেছৰ৷ কংগ্রেছ নেতাই মোক মই ঝুমুইৰ নচাৰ কথা কয়৷ মোৰ লগত ঝুমুইৰ নচা হাইস্কুলৰ ছোৱালীকেইজনীৰ বাবে কংগ্রেছে হাইস্কুল খোলাৰ ব্যৱস্থা কিয় নকৰিলে বুলি কংগ্রেছক প্রশ্ণ কৰে মন্ত্রীগৰাকীয়ে৷ মন্ত্রী ড০ শর্মা পাণবাৰী চাহ বাগিচাত উপস্থিত থকা ৰাজহুৱা সভাত ২০ সহস্রাধিক লোক উপস্থিত থাকে৷

You might also like