নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড প্রট’কল মানি শিক্ষক শিক্ষার্থী আহিল স্কুল–কলেজলৈ

খোল খালে ক’ৰোনা কালৰ ৰাজ্যৰ শিক্ষানুষ্ঠান

নিয়মীয়া বাৰ্তা ৩ নৱেম্বৰঃ সুদীর্ঘ ৮ মাহ পাছত আজিৰে পৰা ৰাজ্যৰ স্কুল–কলেজসমূহত আৰম্ভ হ’ল পাঠদানপর্ব৷ বিগত দিনসমূহত অনলাইনযোগে পাঠদান প্রক্রিয়া চলি আছিল৷ দীর্ঘবিৰতিৰ পাছত সোমবাৰৰ পৰা শিক্ষক–শিক্ষয়িত্রী আৰু ছাত্র–ছাত্রীসকলৰ মুখামুখিকৈ পাঠগ্রহণৰ প্রক্রিয়া আৰম্ভ হোৱাত স্বাভাৱিকতে প্রতিখন স্কুল, কলেজৰ শিক্ষার্থী আৰু শিক্ষক–শিক্ষয়িত্রীস মাজত এক আনন্দময় পৰিৱেশ পৰিলক্ষিত হৈছে৷ ক’ভিড প্রট’কল অনুসৰণ কৰি নির্দিষ্ট নীতি–নিয়মৰ মাজেৰে শিক্ষানুষ্ঠানসমূহত শিক্ষক–শিক্ষয়িত্রী, অধ্যাপক–ধ্যাপিকা, ছাত্র–ছাত্রীসকল উপস্থিত হয়৷ প্রতিগৰাকীয়ে মাস্ক পৰিধান কৰি, সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি শ্রেণীকোঠাত প্রৱেশ কৰে৷ প্রতিখন শিক্ষানুষ্ঠানৰেই প্রতিটো শ্রেণীকোঠা ক’ভিড প্রট’কল অনুসৰণ কৰি ইতিমধ্যে নতুন ৰূপত সজাই–পৰাই তোলা হৈছে৷ বহু শিক্ষানুষ্ঠানত সোমবাৰে শিক্ষক–শিক্ষয়িত্রীসকল উপস্থিত হৈ প্রথমতে নতুনকৈ পুনৰ ক’ভিড পৰীক্ষা কৰে৷ চৰকাৰৰ শিক্ষা বিভাগৰ এছ অ’ পি অনুসৰি প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীলৈ সম্পূর্ণৰূপে পাঠদান বন্ধ ৰখা হৈছে৷ ষষ্ঠ শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ নির্দিষ্ট নীতি–নিয়মৰ মাজেৰে পাঠদান আৰম্ভ কৰা হৈছে৷ ষষ্ঠ, অষ্টম, দশম আৰু দ্বাদশ শ্রেণীৰ পাঠদান প্রতি সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে কৰিব৷

সেই অনুসৰি সোমবাৰে  ৮ মাহ পাছত ষষ্ঠ, অষ্টম, দশম আৰু দ্বাদশ শ্রেণীৰ পাঠদান আৰম্ভ হয়৷ আজি সপ্তম, নৱম আৰু একাদশ শ্রেণীৰ পাঠদান চলিব৷ এছ অ’ পি অনুসৰি উক্ত তিনিটা শ্রেণীৰ পাঠদান প্রতি সপ্তাহৰ মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে হ’ব৷ প্রতিটো শ্রেণীৰ পাঠদান দুটা ভাগত বিভক্ত কৰিব লাগিব৷ প্রথমটো দলৰ ছাত্র–ছাত্রী পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু দ্বিতীয়টো দল দুপৰীয়া ১২.৩০ বজাৰ পৰা বিয়লি ৩.৩০ বজালৈ বিদ্যালয়ত উপস্থিত থাকিব৷ সোমবাৰে প্রথম দিনাৰ পাঠদানৰ ক্ষেত্রত প্রতিখন বিদ্যালয়ে সেই নীতি গ্রহণ কৰে৷ অৱশ্যে সোমবাৰৰ পৰা শিক্ষানুষ্ঠান খুলিলেও এই মুহূর্তলৈ ছাত্রাৱাস আৰু ছাত্রী নিৱাসসমূহ খোলাৰ ব্যৱস্থা কৰা হোৱা নাই৷ একেদৰে ছাত্র–ছাত্রীৰ উপস্থিতিও সদ্যহতে বাধ্যতামূলক নহয়৷ অভিভাৱকে কোনো ছাত্র–ছাত্রীক শিক্ষানুষ্ঠানলৈ পঠিয়াব নিবিচাৰিলেও এইসকল ছাত্র–ছাত্রীক অনুপস্থিত হিচাপে গণ্য কৰা নহ’ব বুলি ইতিমধ্যে শিক্ষা বিভাগে স্পষ্ট কৰি দিছে৷

ইপিনে সোমবাৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ প্রসংগত শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে দৰিদ্র নাৰায়ণ মধ্যবিত্ত পৰিয়ালৰ ছাত্র–ছাত্রীৰ ভৱিষ্যতৰ স্বার্থতেই আজিৰে পৰা শিক্ষানুষ্ঠানসমূহ খোলাৰ ব্যৱস্থা কৰা হৈছে৷ ক’ভিড পৰিস্থিতি চলি থকাৰ সময়ত স্কুল–কলেজসমূহ খোলাৰ বিষয়টো এচামে সহজভাৱে ল’ব পৰা নাই৷ একাংশ লোকে ক’ভিড শেষ নোহোৱাকৈ শিক্ষানুষ্ঠানসমূহ খোলাটো চৰকাৰৰ ভুল সিদ্ধান্ত বুলি ক’ব বিচাৰে৷ কিন্তু আঢ়্যবন্ত পৰিয়ালৰ ছাত্র–ছাত্রীসকলে অনলাইনযোগে পাঠগ্রহণৰ লগতে জুম, অনলাইনযোগে শিক্ষাগ্রহণ কৰি আহিছে৷ ইয়াৰ ফলত অহাবাৰ যেতিয়া নেট পৰীক্ষা অনুষ্ঠিত হ’ব, ইঞ্জিনীয়াৰিং, মেডিকেলত অকল ধনী ঘৰৰ ল’ৰা–ছোৱালীয়ে ছিট লাভ কৰিব৷ দুখীয়া পৰিয়ালৰ কোনেও ইঞ্জিনীয়াৰিং–মেডিকেল ছিট নাপাব৷ অর্থাৎ তেওঁলোকৰ এটা শিক্ষাবর্ষ নষ্ট হ’ব৷ সেয়ে এফালে জীৱন আৰু আনফালে ভৱিষ্যতৰ কথা চিন্তা কৰি শিক্ষানুষ্ঠানসমূহ খোলাৰ সিদ্ধান্ত ল’ব লগা হৈছে৷ স্বাস্থ্যমন্ত্রী হিচাপে তেওঁ এই মুহূর্তত শিক্ষানুষ্ঠানসমূহ খোলাৰ বিষয়টো সমর্থন কৰিব নোৱাৰে যদিও শিক্ষামন্ত্রী হিচাপে দৰিদ্র নাৰায়ণ মধ্যবিত্তৰ স্বার্থত বিদ্যালয়–মহাবিদ্যালয় খুলি দিছে৷ অৱশ্যে চৰকাৰৰ এই উদ্দেশ্য বিফল হ’ব, যদিহে শিক্ষক–শিক্ষয়িত্রী, অধ্যাপক–ধ্যাপিকাসকলে চৰকাৰে বান্ধি দিয়া নীতি–নিয়ম পালন নকৰে৷ তেওঁলোকে ক’ভিড শেষ হৈছে বুলি ধৰি ল’লে ভুল কৰা হ’ব৷ মনত অত্যন্ত চিন্তা আৰু মানসিক হেঁচাতহে বিদ্যালয়, মহাবিদ্যালয়সমূহ খুলিব লগা হৈছে৷ সেয়ে তেওঁ শিক্ষক–শিক্ষয়িত্রী, অধ্যাপক–ধ্যাপিকাসকলক ক’ভিড প্রট’কল অনুসৰি সকলো নীতি–নিয়ম মানি চলাৰ আহ্বান জনায়৷ অন্যথা শিক্ষানুষ্ঠানসমূহ পুনৰ বন্ধ কৰি দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে৷ তেতিয়াহ’লে দৰিদ্র ছাত্র–ছাত্রীসকলৰেই এটা শিক্ষাবর্ষ নষ্ট হ’ব৷
অধ্যক্ষৰ গাফিলতিৰ বাবে পাঠদান নহ’ল নাৰায়ণপুৰৰ খেৰাজখাট উচ্চতৰ মাধ্যমিকত
লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ খেৰাজখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষৰ গাফিলতিৰ বাবেই আজি পাঠদান নহ’ল৷ বিদ্যালয়খনৰ নিজা ভূমিত, গাতে লাগি থকা লখিমপুৰ পলিটেকনিকৰ হোষ্টেলটোও ক’ভিড ৰোগী ৰখাৰ বাবে ব্যৱহূত হৈছিল৷ কিন্তু আজিলৈক বিদ্যালয় চৌহদ ছেনিটাইজ কৰা নহ’ল৷ আজি পুৱাৰ ভাগত দীর্ঘদিনৰ পাছত বিদ্যালয়খনলৈ ছাত্র–ছাত্রীসকল পাঠগ্রহণৰ বাবে আহে যদিও শিক্ষানুষ্ঠানখন ছেনিটাইজ নকৰাৰ বাবে ছাত্র–ছাত্রীসকলে প্রৱেশ কৰিবলৈ অমান্তি হয়৷ অভিভাৱকসকলেও কোনো কাৰণতে তেনে পৰিৱেশত নিজৰ ল’ৰা–ছোৱালীক পাঠগ্রহণৰ বাবে পঠিয়াবলৈ অমান্তি হোৱাত আজিৰ দিনটোত শিক্ষানুষ্ঠানখন বন্ধ ৰখা হয়৷ ইয়াৰ বাবে পুৱাৰ ভাগত একপ্রকাৰ হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হয়৷ এই সম্পর্কত বিদ্যালয়খনৰ অধ্যক্ষ বিপুল দাসে কয় যে এই বিষয়ত স্থানীয় প্রশাসন আৰু স্বাস্থ্য বিভাগৰ লগত বহুবাৰ যোগাযোগ কৰিও কোনো সদুত্তৰ নোপোৱা বাবে তেওঁ বিদ্যালয়খন ছেনিটাইজ কৰিব নোৱাৰিলে৷

You might also like