গৃহমন্ত্রী অমিত শ্বাহসহ কেন্দ্রীয় মন্ত্রী মণ্ডলীৰ গৰিহণা
অর্ণৱ গোস্বামীৰ গ্রেপ্তাৰৰ বিৰুদ্ধে দেশজুৰি প্রতিবাদ
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক তথা অসম সন্তান অর্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে ২ বছৰ পুৰণি গোচৰ এটাত আক্রোশমূলকভাৱে গ্রেপ্তাৰ কৰাক লৈ দেশজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ জম্মু–কাশ্মীৰৰ পৰা উত্তৰ পূর্বাঞ্চলৰ অসমলৈকে সাংবাদিক গোস্বামীক গ্রেপ্তাৰৰ প্রতিবাদ কৰি শীঘ্রে মুকলি কৰি দিবলৈ দাবী জনাইছে৷ গণতন্ত্রৰ চতুর্থ স্তম্ভৰ মর্যাদাক কুঠাৰাঘাত কৰি সাংবাদিক গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্রেপ্তাৰ কৰা কার্যক গৰিহণা দিছে এডিটর্ছ গীল্ড অৱ ইণ্ডিয়া, নিউজ ব্রডকাষ্টার্ছ এছ’চিয়েচন, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি কেইবাগৰাকীও কেন্দ্রীয় মন্ত্রীয়ে৷ সাংবাদিক গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্রেপ্তাৰ কৰা সন্দর্ভত এডিটর্ছ গীল্ড অৱ ইণ্ডিয়াই প্রকাশ কৰা বিবৃতিত উল্লেখ কৰে যে অর্ণৱ গোস্বামীক আজি পুৱা গ্রেপ্তাৰৰ বাতৰি শুনি হতবাক হৈছে৷ হঠাতে সাংবাদিকগৰাকীক গ্রেপ্তাৰ কৰা ঘটনাটো হতাশাজনক আৰু ই গৰিহণাৰ যোগ্য৷ বিবৃতিত মহাৰাষ্ট্র চৰকাৰৰ মুখ্যমন্ত্রীক সাংবাদিকগৰাকীক সুব্যৱহাৰ কৰাটো নিশ্চিত কৰাৰ লগতে সংবাদ মাধ্যমৰ বিৰুদ্ধে যাতে চৰকাৰে শক্তি প্রয়োগ নকৰে, তাৰ বাবে আহ্বান জনায়৷ আনপিনে, সাংবাদিক গোস্বামীক গ্রেপ্তাৰৰ ঘটনাক গৰিহণা দি নিউজ ব্রডকাষ্ট এছ’চিয়েচনে মুখ্যমন্ত্রী উদ্ধৱ থাকৰেক গোস্বামীক প্রতিশোধ পূৰণ কৰাৰ বাবে ক্ষমতাৰ অপব্যৱহাৰ নকৰিবলৈ দাবী জনায়৷ বিবৃতিত উল্লেখ কৰে যে সাংবাদিক গোস্বামীক যিধৰণে গ্রেপ্তাৰ কৰা হৈছে, সেয়া গ্রহণযোগ্য নহয়৷ ইপিনে, সাংবাদিক গোস্বামীক গ্রেপ্তাৰ কৰা সন্দর্ভত মুম্বাই আৰক্ষীক গৰিহণা দি জৰুৰীকালীন অৱস্থা পুনৰ উভতি অহা বুলি অভিযোগ কৰিছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ গৃহমন্ত্রী শ্বাহে টুইটত কয়– কংগ্রেছ আৰু ইয়াৰ মিত্র গোটে পুনৰ গণতন্ত্রক লজ্জিত কৰিলে৷ ৰিপাব্লিক টিভি আৰু অর্ণৱ গোস্বামীৰ বিৰুদ্ধে চৰকাৰখনে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে৷ ব্যক্তি এগৰাকীৰ স্বাধীনতাৰ লগতে গণতন্ত্রৰ চতুর্থ স্তম্ভক আঘাত কৰিছে চৰকাৰখনে৷ ইয়ে জৰুৰীকালীন অৱস্থাক মনত পেলাই দিয়ে৷ সংবাদ মাধ্যমৰ ওপৰত আক্রমণ নিশ্চিতভাৱে বিৰোধিতা কৰিব৷ তেনেদৰে কেন্দ্রীয় তথ্য আৰু সম্প্রচাৰ মন্ত্রী প্রকাশ জাভাড়েকাৰেও মহাৰাষ্ট্রত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্রমণক গৰিহণা দিছে৷ কেন্দ্রীয় বৈদেশিক মন্ত্রী এছ জয়শংকৰে অর্ণৱ গোস্বামীক গ্রেপ্তাৰ সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আক্রমণ বুলি আখ্যা দি যিসকলে এই স্বাধীনতাক বিশ্বাস কৰে, সেইসকলক সৰৱ হ’বলৈ আহ্বান জনায়৷ কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণী, বিহাৰৰ উপ–মুখ্যমন্ত্রী সুশীল কুমাৰ মোদীকে ধৰি কেইবাগৰাকী ৰাজনীতিকে সাংবাদিক গোস্বামীক গ্রেপ্তাৰ কৰা কার্যক গৰিহণা দিছে৷ মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রী তথা বিজেপি নেতা দেৱেন্দ্র ফার্ণাভিছে টুইটযোগে কয়– যদিও ১৯৭৭ চনত জৰুৰীকালীন অৱস্থাক পৰাভূত কৰা হৈছিল, তথাপি আজি সেই মানসিকতা অব্যাহত আছে৷ জৰুৰীকালীন অৱস্থাৰ সমর্থক কংগ্রেছ আৰু শিৱসেনাই সৰৱ কণ্ঠক দমন কৰাৰ বাবে অগণতান্ত্রিক পন্থাৰে সাংবাদিকজনক গ্রেপ্তাৰ কৰিছে৷
ইপিনে, শিৱসেনাৰ জ্যেষ্ঠ নেতা তথা সঞ্জয় ৰাউটে সাংবাদিক অর্ণৱ গোস্বামীক গ্রেপ্তাৰত কোনো প্রতিশোধমূলক অভিপ্রায় নাই বুলি আত্মপক্ষ সমর্থন কৰিছে৷ শিৱসেনাৰ নেতাগৰাকীয়ে কয়– মহাৰাষ্ট্রত আইন অনুকৰণ কৰা হয়৷ যদি কোনোবাৰ বিৰুদ্ধে আৰক্ষীয়ে তথ্য–সাক্ষ্য লাভ কৰে, তেতিয়াহ’লে ব্যৱস্থা গ্রহণ কৰিব পাৰে৷ উদ্ধৱ থাকৰে চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা কাৰো বিৰুদ্ধে প্রতিশোধমূলক ব্যৱস্থা গ্রহণ কৰা হোৱা নাই৷ উল্লেখ্য যে সাংবাদিক গোস্বামীক গ্রেপ্তাৰ কৰাৰ পাছতে শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্র চৰকাৰৰ ফেচীবাদী কার্যক তীব্র ভাষাৰে বিজেপিয়ে ছ’চিয়েল মিডিয়াযোগে গৰিহণা দিয়াৰ পাছতে শিৱসেনাৰ জ্যেষ্ঠ নেতাগৰাকীয়ে আত্মপক্ষ সমর্থন কৰি গোস্বামীৰ গ্রেপ্তাৰত চৰকাৰৰ কোনো ভূমিকা নাই বুলি দাবী কৰে৷ আনহাতে, সাংবাদিক অর্ণৱ গোস্বামীক গ্রেপ্তাৰত সন্তুষ্টি ব্যক্ত কৰিছে অন্বয় নাইকৰ পৰিয়ালে৷ নাইকৰ পত্নীয়ে সাংবাদিকৰ আগত প্রকাশ কৰা মতে, অর্ণৱ গোস্বামীয়ে ছুইচাইড নোট নথকাৰ পাছতো সুশান্ত সিং ৰাজপুত আত্মহত্যা গোচৰত গ্রেপ্তাৰ কৰিবলৈ দাবী জনাইছে৷ তেওঁৰ স্বামীয়ে অর্ণৱ আৰু দুগৰাকীৰ নাম ছুইচাইড নোটত উল্লেখ কৰি গৈছে৷ কিন্তু কাকোৱেই গ্রেপ্তাৰ কৰা নাছিল৷ ই কেনেকৈ ন্যায় হ’ব৷