নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ দখললৈ WHITE HOUSE… জো বাইডেন আগবাঢ়ি আছে ট্ৰাম্পতকৈ

নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰঃ আজি পুনৰ আৰম্ভ হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জো বাইডেন আৰু ড’নাল্ড ট্ৰাম্পৰ মাজত তুমুল প্ৰতিদ্বন্দ্বিতা চলা দেখা গৈছে যদিও জো বাইডেন জয়ৰ প্ৰায় ওচৰত উপস্থিত হৈছে। বৰ্তমানলৈ তেওঁ ২৬৪টা ইলেক্টোৰেল ভোট লাভ কৰাৰ বিপৰীতে ড’নাল্ড ট্ৰাম্পে লাভ কৰিছে ২১৪টা ইলেক্টোৰেল ভোট।

কিন্তু ঘটনাৰ নাটকীয় পৰিৱৰ্তনৰ কথাও উলাই কৰিব নোৱাৰি। কিয়নো ভোটগণনা বাকী থকা পেনচিলভেনিয়া, নৰ্থ কেৰোলিনা আৰু জৰ্জিয়াত আগবাঢ়ি আছে ট্ৰাম্প। আনহাতে মেজিক সংখ্যা ২৭০ পাবলৈ বাইডেনক প্ৰয়োজন ৬টা ভোট। এই ৬টা ভোট তেওঁ বৰ্তমান আগবাঢ়ি থকা নাভাডা ষ্টেটত লাভ কৰাৰ সম্ভাৱনা আছে যদিও মাত্ৰ ৭০০০ ভোটতহে আগবাঢ়ি আছে বাইডেন।

২৫ শতাংশ ভোটগণনা বাকী থকা প্ৰদেশখনৰ শেষ ফলাফল সেয়ে কি হ’ব পাৰে এতিয়াই ক’ব পৰা নাযায়। অৱশ্যে বিশ্বৰ বিভিন্ন বাতৰি সংস্থাই শেহতীয়া ফলাফলৰ ভিত্তিত জো বাইডেনেই বিজয়ী হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

You might also like