হনুমান মন্দিৰত সোমাই পূজা কৰিলে হনুমান সেনাই… দ্ৰুতগতিত ভাইৰেল ভিডিঅ’
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ ভক্তি কেৱল জীৱ শ্ৰেষ্ঠৰে থাকে এনে নহয়। জীৱ জন্তুৰো থাকে। ককুৰৰ প্ৰভু ভক্তি মৃত্যু পৰ্যন্ত লৈকে থাকে সেইটো সৰ্বজনবিদিত। যি প্ৰাণীক জীৱশ্ৰেষ্ঠই মৰম কৰে, সেই প্ৰাণীয়ে জীৱশ্ৰেষ্ঠক সকলো উভতাই দিয়ে। লাগিলে সেইটো হিংস্ৰ বাঘেই হওক।
কিন্তু ভগৱানৰ ভক্তি তাকো এটা জন্তুৱে। এইটো ভাবিলে আচৰিত লাগে।
শেহতীয়াকৈ ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে। দ্ৰুত গতিত ভাইৰেল হৈছে ভিডিঅ’টো। বান্দৰৰূপী হনুমানে নিজে হনুমান মন্দিৰতে পূজা কৰা দেখা পোৱা গৈছে ভিডিঅ’টোত। মন্দিৰটোত পূজাৰীয়ে পূজা কৰি থাকোতে হঠাতে বান্দৰটো আহে আৰু পূজাৰীৰ গাত উঠে। লগতে হাতযোৰ কৰি হনুমানক পূজা কৰা দেখা গৈছে ভিডিঅ’টোত।
প্ৰবাদ আছে যে হনুমান ৰামায়ণৰ এনেকুৱা এটা চৰিত্ৰ যি এতিয়াও জীয়াই আছে। হনুমানৰ অমৰত্বৰ বৰদান প্ৰাপ্ত বুলি প্ৰবাদ আছে। যেতিয়াই মানৱ জীৱনলৈ সংকট নামি আহে আৰু হনুমানক যদি স্মৰণ কৰা হয় আৰু হনুমানে সহায় কৰে।
source news18 bangla