বিশেষ দিনটোত কোহলিক পত্নী অনুষ্কাৰ সন্মুখতে সতীৰ্থই দিলে এনে ৰূপ
নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰঃ টীম ইণ্ডিয়াৰ কেপ্টেইন বিৰাট কোহলীৰ আজি জন্মদিন। ৩২টা বসন্তত ভৰি থোৱা জনপ্ৰিয় খেলুৱৈগৰাকীয়ে নতুন দিল্লীত ১৯৮৮ চনত আজিৰ দিনতেই জন্মগ্ৰহণ কৰিছিল। বহুকেইটা ক্ৰিকেট অভিলেখৰ অধিকাৰী কোহলিয়ে বৰ্তমান আৰৱ আমীৰশ্বাহীত খেলি আছে আই পি এল।
তাতেই আজি পালন কৰিলে জন্মদিন। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ আই পি এল খেলি থকাত দলটোৰ সৈতেই পালন কৰে জন্মদিন। উপস্থিত থাকে পত্নী অনুষ্কাও। কিন্তু বাৰ্থ ডে’ পাৰ্টীত কোহলিৰ মুখত কেক সানি চিনিব নোৱাৰা কৰি দিলে আৰ চি বিৰ সতীৰ্থসকলে। হ’লেও ছানৰাইজ হাইদৰাবাদৰ সৈতে খেলিব লগা মেচৰ আগেয়ে কোহলিয়ে কৰি ল’লে এটা টীম ৱাৰ্ম ৱৰ্ক।