জোনাই-চিমেন চাপৰি-লিডুত মূল্যবৃদ্ধিৰ বিৰুদ্ধে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰঃ জোনাই আৰু চিমেন চাপৰিত অত্যাৱশ্যকীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে খাদ্য আৰু যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৷ জোনাইৰ বজাৰৰ মাজমজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰি জোনাইৰ যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিজেপি চৰকাৰ মুৰ্দাবাদ, মূল্যবৃদ্ধি হ্ৰাস কৰক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, আমাৰ দাবী মানিবই লাগিব শ্লোগানেৰে জোনাইৰ আকাশ-বতাহ কঁপাই তোলে ৷
আজি প্ৰতিবাদী কাৰ্যসূচীত যোগান মন্ত্ৰীৰ পদত্যাগ দাবী কৰাৰ লগতে অনতিপলমে মুল্যবৃদ্ধি ৰোধ কৰিবলৈ দাবী জনায়৷ অন্যথা যুৱ ছাত্ৰ পৰিষদে আৰু জংগী আন্দোলন কৰিব বুলি হুংকাৰ দিয়ে৷ প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ ধেমাজিৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা নীল গগৈ, জোনাইৰ প্ৰচাৰ সম্পাদক জিতেন মিলি আৰু জোনাই আঞ্চলিক সমিতিৰ সভাপতি খগেন ডেকা ধৰি জোনাই আঞ্চলিক সমিতিৰ সদস্যসকল উপস্থিত আছিল ৷
ইফালে চিমেন চাপৰিটো১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰি অতিশীঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবী জনায়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিমেন চাপৰি আঞ্চলিক সমিতিয়ে সাব্যস্ত কৰা এই প্ৰতিবাদৰ সময়ত ধেমাজি জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰাজু কোঁৱৰ, আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে৷
মাৰ্ঘেৰিটাৰ লিডুতো ৩১৪ ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কাৰ্যসূচীৰে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে