নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগন্তুক নিৰ্বাচনত অগপৰ অৱস্থা আৰু শোচনীয় হ’বঃ অদীপ ফুকন

নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰঃ ২০২১ত এ জে পিৰ নেতৃত্বত চৰকাৰ গঠনৰ দাবীৰে মৰিগাঁওৰ ঐতিহাসিক গান্ধী ভৱন প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় নৱগঠিত অসম জাতীয় পৰিষদৰ মৰিগাঁও জিলা সমিতি গঠনৰ প্ৰথমখন ৰাজহুৱা সভা। এই উপলক্ষ্য মৰিগাঁৱত উপস্থিত হোৱা দুই সমন্বয়ক জগদীশ ভূঞা আৰু অদীপ কুমাৰ ফুকনক এ জে পিৰ মৰিগাঁও জিলাৰ কৰ্মকর্তাসকলে গায়ন-বায়নেৰে আদৰি আনে সভাগৃহলৈ।

এ জে পিৰ কেন্দ্ৰীয় আহ্বায়ক জয়ন্ত ডেকাই আঁত ধৰা সভাখনত উপস্থিত থাকে কেন্দ্ৰীয় সমন্বয়ক জগদীশ ভূঞা, অদীপ কুমাৰ ফুকন, লুচী নেওগ, কেন্দ্ৰীয় আহ্বায়ক বীৰেশ্বৰ মেধি, চিমল দেউৰী, পোনানন্দ শইকীয়া, মিন্টু নাথ প্ৰমুখ্যে বহুকেইগৰাকী বিশিষ্ট  ব্যক্তি। সভাত ভাষণত জগদীশ ভূঞাই কয় যে বিজেপিয়ে যিমানেই মোগলৰ কথা নকওক, প্ৰকৃততে মোগল নহয় অসম আক্ৰমণ কৰা মোগলৰ সেনাপতি ৰামসিংহৰ বংশধৰসকলেহে এতিয়া দিল্লীৰ পৰা অসম আক্ৰমণ কৰি আছে আৰু তাক প্ৰতিহত কৰিব পাৰিব একমাত্ৰ এ জে পি দলেহে।

মৰিগাঁও সমষ্টিত যোগ্য আৰু জয়ী হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থকা এগৰাকী প্ৰাৰ্থীক আগন্তুক নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব বুলি স্পষ্ট ঘোষণা কৰে জগদীশ ভূঞাই। আনহাতে অদীপ কুমাৰ ফুকনে কয় যে এ জে পিয়ে আগন্তুক নিৰ্বাচনত ৮৯খন আসনত বি জে পিৰ সৈতে পোনপটীয়া প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ই ভি এমত অনিয়ম নকৰিলে বি জে পিয়ে মাত্ৰ ৩০খন আসন লাভ কৰিব। আনহাতে অসম গণ পৰিষদ ক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে অগপ এতিয়া আৰু ৰাইজৰ দল হৈ থকা নাই আগন্তুক নিৰ্বাচনত অগপৰ অৱস্থা আৰু শোচনীয় হ’ব।

You might also like