ছয়গাঁও আৰক্ষীৰ সফল অভিযান, এক কিলগ্ৰাম গাঞ্জাসহ এজন আটক
নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰঃ দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত একাংশ লোকে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ সমান্তৰালকৈ দক্ষিণ কামৰূপৰ চৰাঞ্চলসমূহত একাংশ দুষ্ট চক্ৰই গাঞ্জাৰ বেহা চলাই অহাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত গৰৈমাৰী বিহাপাৰাৰ চাহেব আলি অৱশেষত জালত পৰিল ছয়গাওঁ আৰক্ষীৰ।
ঘটনাৰ বিৱৰণীত জানিব পৰা মতে, কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত এটি আৰক্ষীৰ দলে এক বিশেষ খবৰৰ ভিত্তিত গাঞ্জাৰ বিৰুদ্ধে যোৱা নিশা অভিযান চলাই নিজ বাসগৃহৰ পৰা এক কিলোগ্ৰাম গাঞ্জাসহ চাহেব আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে উক্ত লোকজনক আটক কৰি ১০৯৫/ ২০২০ নম্বৰত ইতিমধ্যে গোচৰ ৰুজু কৰিছে । ছয়গাঁও আৰক্ষীয়ে এটাৰ পিছত আন এটা ঘটনাৰ বিৰুদ্ধে অভিযান চলাই ইতিমধ্যে কেবাজনো লোকক আটক কৰি জে’ল-হাজোতলৈ প্ৰেৰণ কৰিছে। আৰক্ষীৰ এই সফল অভিযানক ছয়গাঁৱৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰিছে।