নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খেলো ইণ্ডিয়াৰ উৎকর্ষতাৰ কেন্দ্রলৈ উন্নীত হ’ব সৰুসজাই ক্রীড়া প্রকল্প

নিয়মীয়া বাৰ্তা, ৮ নবেম্বৰঃ খেলো ইণ্ডিয়া উৎকর্ষতাৰ কেন্দ্রলৈ উন্নীত হ’ব গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্প৷ ২০২২ অলিম্পিকত ভাৰতক শীর্ষ–১০ত পদক জয়ী দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে চৰকাৰে দেশজুৰি ক্রীড়া উৎকর্ষৰ কেন্দ্র তৈয়াৰ কৰাৰ এই পদক্ষেপ লৈছে৷ ভৱিষ্যতে অলিম্পিক গেমছত প্রতিভা অর্জনৰ প্রয়াস কৰাৰ অর্থে শনিবাৰে ক্রীড়া মন্ত্রালয়ে গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পকে ধৰি ৬টাকৈ ক্রীড়া কেন্দ্রক খেলো ইণ্ডিয়া উৎকর্ষতাৰ কেন্দ্রলৈ উন্নীত কৰাৰ ক্ষেত্রত চাৰি বছৰৰ বাবে ৬৭.৩২ কোটি টকা অনুমোদন আগবঢ়াইছে৷ সৰুসজাই ক্রীড়া প্রকল্পক খেলো ইণ্ডিয়াৰ উৎকর্ষতাৰ কেন্দ্রলৈ উন্নীত কৰাৰ বাবে ৭.৯৬ কোটি টকাৰ অনুমোদন আগবঢ়াইছে৷ মন কৰিবলগীয়া যে সৰুসজাই ক্রীড়া প্রকল্পৰ উপৰি খেলো ইণ্ডিয়াৰ উৎকর্ষতাৰ কেন্দ্রলৈ উন্নীত কৰা আনকেইটা ক্রীড়া কেন্দ্র হৈছে মেঘালয়ৰ জে এন এছ কমপ্লেক্স, দমন আৰু দিউৰ নিউ স্প’টছ কমপ্লেক্স ছিলভাছা, মধ্যপ্রদেশৰ এম পি ষ্টেট একাডেমী, পুনেৰ শ্রীশিৱ ছত্রপতি ক্রীড়া প্রকল্প আৰু গেংটকৰ পালজ’ৰ ষ্টেডিয়াম৷

You might also like