নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ বিভিন্ন দেশৰ লগতে ভাৰততো ক’ভিড ভেকচিনৰ ক্লিনিকেল পৰীক্ষা কেইবাটাও পর্যায়ত চলি আছে যদিও ভাৰতৰ সর্বসাধাৰণ জনতাই ২০২২ চনলৈ এই ভেকচিনৰ বাবে অপেক্ষা কৰিব লাগিব৷ এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই আজি এই মন্তব্য কৰাৰ লগে লগে বিষয়টোক লৈ দেশজুৰি চলিছে চর্চা৷ কাৰণ মোদী চৰকাৰৰ কেইবাগৰাকীও মন্ত্রীয়ে চলিত বর্ষৰ ভিতৰতে বজাৰলৈ ক’ভিড ভেকচিন আহিব বুলি ঘোষণা কৰি আহিছে৷ আনকি এই ভেকচিন উদ্ভাৱন হ’লেই বিভিন্ন ৰাজ্যত বিনামূলীয়াকৈ জনসাধাৰণক প্রদান কৰা হ’ব বুলিও ঘোষণা কৰি আহিছে ৰাজনৈতিক নেতা একাংশই৷ কিন্তু এইমছৰ সঞ্চালক ডাঃ ৰণদীপ গুলেৰিয়াই ক’ভিড–১৯ প্রতিৰোধী ভেকচিন ভাৰতৰ বজাৰলৈ আহিবলৈ এবছৰতকৈ অধিক কাল লাগিব বুলি দেওবাৰে ঘোষণা কৰিছে৷ চি এন এন–নিউজ ১৮ৰ সৈতে হোৱা এক গুৰুত্বপূর্ণ সাক্ষাৎকাৰত ডাঃ গুলেৰিয়াই উল্লেখ কৰিছে যে ভাৰত হৈছে এখন জনবহুল ৰাষ্ট্র৷ ক’ভিড–১৯ৰ ভেকচিন বজাৰৰ পৰা কেনেদৰে ক্রয় কৰিব পৰা যায়, সেই বিষয়টোক লৈ দেশবাসীয়ে চিন্তা–চর্চা কৰিব লাগিব৷ ভেকচিন বজাৰলৈ অহাৰ সময়লৈকে ২০২১ৰ শেষ বা ২০২২ৰ আৰম্ভণি পাব৷ গতিকে জনসাধাৰণে এই ভেকচিন লাভ কৰিবলৈ এবছৰতকৈ অধিক কাল লাগিব বুলি গুলেৰিয়াই ঘোষণা কৰিছে৷ স্মর্তব্য যে দেশত এতিয়ালৈকে ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীত সংক্রমিত হৈছে ৮৫,০৭,৭৫৪গৰাকী লোক৷ কালিৰ দিনটোত নতুনকৈ ক’ভিড মহামাৰীত আক্রান্ত হৈছে ৪৫,৬৭৪গৰাকী লোক৷ স্মর্তব্য যে সমগ্র দেশত ক’ভিড–১৯ত এতিয়ালৈকে প্রাণ হেৰুৱাইছে ১,২৬,১২১গৰাকী লোকে৷