নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ আগন্তুক ১০ নৱেম্বৰত বিহাৰ বিধানসভা নির্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পূর্বে বিভিন্ন সংস্থাৰ আগতীয়া সমীক্ষাত নীতিশ কুমাৰ নেতৃত্বাধীন জেডি(ইউ)–বিজেপি মিত্রজোঁট তীব্র প্রত্যাহ্বানৰ সন্মুখীন হ’ব বুলি প্রকাশ পাইছে৷ ২৪৩ আসন বিশিষ্ট বিহাৰ বিধানসভা নির্বাচনৰ শনিবাৰে চূড়ান্ত পর্যায়ৰ ভোটদান সম্পন্ন হোৱাৰ পিছতে বিভিন্ন সংবাদ সংস্থাই এক্সিট প’ল প্রকাশ কৰিছে৷ এই এক্সিট প’লৰ তথ্য অনুসৰি একাংশই নীতিশ কুমাৰ নেতৃত্বাধীন জেডি(ইউ)–বিজেপি মিত্রজোঁট প্রত্যাহ্বান সত্ত্বেও পুনৰ ক্ষমতালৈ আহিব বুলি উল্লেখ কৰিছে যদিও আৰ জে ডি নেতৃত্বাধীন মহাজোঁটে অভাৱনীয়ভাৱে ভোটলাভ কৰিবলৈ সক্ষম হৈছে বুলি ঘোষণা কৰিছে৷ ইণ্ডিয়া টুডে’ৰ মতে মহাজোঁটে ১৩৯ৰ পৰা ১৬১খন আসন লাভ কৰিব নির্বাচনত৷ চি এন এন, নিউজ–১৮ আৰু টুডে’ চাণক্যৰ মতে মহাজোঁটে ১৮০খনতকৈ অধিক আসন লাভ কৰিব নির্বাচনত৷ চাণক্য প’লৰ মতে জে ডি(ইউ)–বিজেপিয়ে মাত্র ৫৫খন আসনহে লাভ কৰিবলৈ সক্ষম হ’ব ৰাজ্যখনত৷