নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সন্ত্রাসবাদীৰ আক্রমণৰ লক্ষ্য হৈ পৰিছে উচ্চ শিক্ষা প্রতিষ্ঠান

নিয়মীয়া বাৰ্তা ৯ নৱেম্বৰঃ আফগানিস্তানত দীর্ঘদিন চলি থকা যুদ্ধৰ মাজতে শিক্ষার্থীসকলে ভৱিষ্যতৰ বাবে যুঁজ দিবলগীয়া হৈছে৷ কাবুল বিশ্ববিদ্যালয়কে ধৰি উচ্চ শিক্ষা প্রতিষ্ঠানসমূহত এতিয়া কেৱল সন্ত্রাসবাদীৰ আক্রমণৰ আতংক৷ সন্ত্রাসবাদীয়ে কেতিয়া আত্মঘাতী আক্রমণ চলায় তাৰ কোনো নিশ্চয়তা নাই৷ গতিকে শিক্ষার্থীসকল শ্রেণীকোঠাত বহাৰ সময়তো সাজু হৈ থাকিব লাগে যিকোনো আক্রমণৰ বাবে৷ সন্ত্রাসবাদীৰ আত্মঘাতী বিস্ফোৰণৰ বাবে কাবুল বিশ্ববিদ্যালয়ৰ বহু শিক্ষার্থীৰ এতিয়ালৈকে মৃত্যু হৈছে৷ প্রায় ৫০গৰাকী আফগান শিক্ষার্থীক স্নাতক পঞ্চম ষাণ্মাসিকৰ শিক্ষাদান কৰি থকা সময়তে অধ্যাপক ছয়ীদ ৰাটেব মোজ্জাফাৰিয়ে সকলোকে যিকোনো আক্রমণৰ পৰা ৰক্ষা পাবলৈ সদায় সজাগ থাকিবলৈ আহ্বান জনাই আহিছে৷ শ্রেণীকোঠাত পাঠদানৰ পূর্বে অধ্যাপকগৰাকীয়ে নিজৰ শিক্ষার্থীসকলক কয়, ‘কোনো গাড়ীৰ খুন্দা যাতে খাবলগীয়া নহয়, সেই দিশটোৰ ওপৰত নজৰ ৰাখিবা৷’ অর্থাৎ আফগানিস্তানত আজিও পৰিৱেশ পূর্বৰ দৰে হৈ আছে৷ যুদ্ধ–সংঘর্ষত বিধ্বস্ত দেশখনত যেন কোনোদিনে অৱসান নঘটিব ৰক্তক্ষয়ী যুদ্ধৰ৷ লক্ষণীয়ভাৱে অধ্যাপক মোজ্জাফাৰিয়ে শিক্ষার্থীসকলক আক্রমণৰ পৰা পৰিত্রাণৰ বাবে সতর্ক থাকিবলৈ আহ্বান জনোৱাৰ দিনাখনেই এক আত্মঘাতী আক্রমণত কাবুল বিশ্ববিদ্যালয়ত নিহত হয় কমপক্ষেও ২২গৰাকী লোক৷ এই আক্রমণত কেইবাগৰাকীও শিক্ষার্থী আৰু অধ্যাপকৰ মৃত্যু হয়৷ কথমপি প্রাণ ৰক্ষা পৰে ফ্রেষ্টা হাছিমী নামৰ ২০ বছৰীয়া শিক্ষার্থীগৰাকীৰ৷ ২ নৱেম্বৰত সংঘটিত কাবুল বিশ্ববিদ্যালয়ৰ এই ঘটনাই এতিয়া ফ্রেষ্টা হাছিমীৰ বাবে কঢ়িয়াই আনিছে প্রত্যাহ্বান৷ কাৰণ মহিলাসকলৰ ওপৰত আইছিছ আক্রমণকাৰীৰ অধিক বর্বৰতা চলি আহিছে৷

You might also like