নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাযুঁজত জয় এন ডি এৰ

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ এগ্জিট প’লক নস্যাৎ কৰি বিহাৰ দখল কৰিলে এনডিএ৷ প্রতিষ্ঠানবিৰোধী তীব্র ঢ়ৌক প্রতিহত কৰি এনডিএই পুনৰ শাসনত অধিষ্ঠিত  হৈছে৷ পুৱতি নিশালৈকে  আৰজেডি নেতৃত্বাধীন মহাজোঁট প্রত্যাহ্বানক ওফৰাই এনডিএই চৰকাৰ গঠনৰ প্রয়োজনীয় মেজিক নম্বৰ অতিক্রম কৰিছে ৷ ক’ভিড–১৯ সংকটকালৰ প্রথমটো বিধানসভা নির্বাচন বিহাৰৰ  ২৪৩খন আসনৰ ভিতৰত এনডিএই ১২৫ খনত আসন লাভ কৰে আছে৷ ইয়াৰ বিপৰীতে আৰজেডি নেতৃত্বাধীন মহাজোঁটে ১১০খন আসন লাভ কৰে৷

আৰজেডিৰ নেতা তথা মহাজোঁটৰ মুখ্যমন্ত্রী পদৰ প্রার্থী তেজস্বী যাদৱৰ উত্থানৰ বিপৰীতে শতিকাপুৰণি কংগ্রেছ দলটোৱে আশানুৰূপ ফলাফল দেখুৱাব নোৱাৰিলে৷ বিগত বিধানসভা নির্বাচনৰ তুলনাত কংগ্রেছৰ আসন হ্রাস পাইছে৷ এইবেলি নির্বাচনত ঘোষিত ফলাফলত বাঁওপন্থী দলসমূহৰ অভাৱনীয় উত্থান ঘটাই ১৩খন আসন লাভ কৰাৰ বিপৰীতে সাংসদ আছাদুদ্দিন ওৱেছী নেতৃত্বাধীন এআইএমআইএমে ৫খন আসনত অগ্রগতি লাভ কৰি ঘোষিত ফলাফল অনুসৰি ৪খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে কেন্দ্রত এনডিএৰ সহযোগী দল এলজেপিয়ে ঘোষিত ফলাফল অনুসৰি চূড়ান্তভাৱে মুখথেকেচা খাইছে৷ সাংসদ চিৰাগ পাছোৱানৰ নেতৃত্বাধীন এলজেপিয়ে কাণে কাণ মাৰি এখন আসনত জয়লাভ কৰি সন্মান ৰক্ষা কৰিবলৈ সক্ষম হয়৷ এইবেলি নির্বাচনী প্রচাৰত দেখা তীব্র প্রতিদ্বন্দ্বিতা ভোটগণনাৰ সময়তো স্পষ্ট ৰূপত প্রতিফলিত হৈছে৷

উল্লেখ্য যে মুখ্যমন্ত্রী তথা জেডিইউৰ মুৰব্বী নীতিশ কুমাৰৰ ১৫ বছৰীয়া শাসনক উৎখাত কৰাৰ বাবেই আৰজেডি নেতৃত্বাধীন মহাজোঁটে তীব্র প্রত্যাহ্বান জনায় যদিও ৰাজ্যবাসীয়ে অৱশেষত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ডাবল ইঞ্জিন বিকাশৰ ধাৰণাক আদৰি লয়৷

You might also like