নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এডিলেইডত ভাৰত–ষ্ট্রেলিয়াৰ দিবা–নৈশ টেষ্ট; ষ্টেডিয়ামত উপস্থিত থাকিব ৫০ শতাংশ দর্শক

নিয়মীয়া বাৰ্তা ১১ নৱেম্বৰঃ ঘৰুৱা দল অষ্ট্রেলিয়া আৰু টীম ইণ্ডিয়াৰ মাজত অহা ১৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ব’ডাৰ–গাভাস্কাৰ ট্রফী চাৰিখনীয়া টেষ্ট শৃংখলাটো৷ শৃংখলাটোৰ প্রথমখন টেষ্ট ১৭–২১ ডিচেম্বৰত এডিলেইডত দিবা–নৈশভাৱে অনুষ্ঠিত হ’ব৷ এই দিবা–নৈশ টেষ্টখন ৫০ শতাংশ দর্শক ষ্টেডিয়ামত বহি মেচখনৰ আমেজ ল’ব পাৰিব৷ ক্রিকেট অষ্ট্রেলিয়াই এই কথা সদৰী কৰিছে৷

চীনৰ য়ুহানৰ পৰা উৎপত্তি হোৱা ক’ৰোনা ভাইৰাছৰ বাবে বিগত মার্চ মাহৰ পৰাই ক্রিকেটৰ সকলো ধৰণৰ শৃংখলা বন্ধ হৈ আছিল যদিও শেহতীয়াকৈ ইখনৰ পিছত সিখনকৈ শৃংখলা আৰম্ভ হৈছে৷ অৱশ্যে ক্রিকেট শৃংখলাকেইটা আৰম্ভ হ’লেও ষ্টেডিয়ামত বহি দর্শকে মেচৰ আমেজ ল’ব পৰা নাছিল৷ বর্তমান ক’ৰোনাৰ আতংক হ্রাস পোৱাত ষ্টেডিয়ামত দর্শকক উপস্থিতিৰ অনুমতি দিয়াৰ চিন্তা–চর্চা কৰিছে ক্রিকেট অষ্ট্রেলিয়াই৷ ইয়াৰ অংশস্বৰূপে ১৭ ডিচেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত হ’বলগীয়া দিবা–নৈশ টেষ্টখনত ২৭ হাজাৰ দর্শকক ষ্টেডিয়ামত প্রৱেশৰ অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে ক্রিকেট অষ্ট্রেলিয়াই৷

ইপিনে, ২৬–৩০ ডিচেম্বৰত মেলব’নত হ’বলগীয়া বক্সিং ডে’ টেষ্টখনত ২৫ হাজাৰ দর্শকক ষ্টেডিয়ামত প্রৱেশৰ অনুমতি দিছে ক্রিকেট অষ্ট্রেলিয়াই৷

You might also like