নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰ প্রিয় খাদ্যৰ নাম শুনি হঠাৎ সুস্থ হৈ পৰিল কোমাত থকা ৰোগী, পিচে ক’ত?

নিয়মীয়া বার্তা, ১১ নৱেম্বৰঃ ‘‌থ্রি ইডিয়টছ’ (3 Idiots) চিনেমাৰ সেই দৃশ্যটো মনত আছেনে? অসুস্থ বন্ধু ৰাজুক (‌চৰমন যোশী)‌ সুস্থ কৰিবলৈ নানা ধৰণৰ মজাৰ কথা কৈছিল দুই বন্ধু ৰঞ্চোৰ (‌আমিৰ খান)‌ আৰু ফাৰহানে (‌আৰ মাধবন)‌‌। শেষত সুস্থও হৈছিল অসুস্থ বন্ধু। যেন তাৰেই ‘একশ্যন ৰিপ্লে’ এইবাৰ বাস্তৱত পৰিণত হৈছে।

কিয়নো ভাতৃৰ মুখত প্রিয় খাদ্যৰ নাম শুনি উঠি বহিল কোমাত(Coma) থকা ৰোগী! এই ঘটনা ঘটিছে টাইৱানত(Taiwan)। প্রিয় চিকেন ফিলেটৰ (Chicken Fillet) নাম শুনি জ্ঞান ঘূৰি আহিল ৬২ দিন ধৰি কোমাত থকা এগৰাকী ১৮ বছৰীয়া যুৱকৰ।

জনা গৈছে, এক স্কুটাৰ দুর্ঘটনাত আহত হয় চিউ নামৰ ১৮ বছৰীয়া এই যুৱকগৰাকী। শৰীৰৰ কিডনি, লিভাৰ–সহ একাধিক ঠাইত গুৰুতৰ আঘাত পাইছিল। যাৰপাছত তেওঁক ভৰ্তি কৰা হৈছিল ছিনচু কাউন্টিৰ (Hsinchu County) এখন হাস্পতালত। তাতেই একাধিক অস্ত্রোপচাৰ কৰা হয় তেওঁক। পাছত তেওঁক ৬২ দিন ধৰি কোমাতেই আছিলে যুৱকজন। কিন্তু ইয়াৰ মাজতেই এদিন চিউৰ ভাতৃয়ে জমনি কৰি তেওঁৰ সন্মুখতে কয়, ‘‌মই তোমাৰ প্রিয় চিকেন ফিল তোমাৰ বাবে আনিবলৈ যাও।’‌

আশ্চর্য! ইয়াৰপাছতেই কার্যত জ্ঞান ঘূৰাই পালে চিউয়ে। স্বাভাবিক হ’বলৈ ধৰিল হৃদস্পন্দন। চিউৰ পছন্দৰ খাদ্যৰ নামেই যেন কাৰ্যত মেজিকৰ কাম কৰে।

You might also like