গুৱাহাটীত ৰিক্সাই ভাবুকি মাতিছে যাত্রীৰ; পৌৰ নিগম–পৰিবহণ বিভাগ, যান–বাহন আৰক্ষীৰ গাফিলতিত ৰিক্সাচালকৰ দৌৰাত্ম্য
নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ গুৱাহাটী পৌৰ নিগম, পৰিবহণ বিভাগ আৰু যান–বাহন আৰক্ষীৰ দুর্বলতাৰ সুযোগ লৈ মহানগৰীত দ্রুত হাৰত বৃদ্ধি পাইছে হস্তচালিত তথা যন্ত্রচালিত ৰিক্সাচালকৰ সংখ্যা৷ যান–বাহন আইন উলংঘাৰে মহানগৰীৰ বিভিন্ন পথ–উপপথত হস্ত তথা যন্ত্রচালিত ৰিক্সাচালকে দৌৰাত্ম্য অব্যাহত ৰাখিছে৷ গুৱাহাটী মহানগৰীৰ মুখ্য পথসমূহত যন্ত্রচালিত ৰিক্সাৰ চলাচল নিষিদ্ধ৷ বিশেষকৈ ফাঁচীবজাৰ, পল্টনবজাৰৰ এ টি ৰোড, মাছখোৱা, ফটাশিল আমবাৰী, হাতীগাঁও, বেলতলা, হেঙেৰাবাৰী, বৰবাৰী, নুনমাটি, নাৰেংগী, মালিগাঁও, আদাবাৰী, পাণ্ডুত কিন্তু একাংশ ৰিক্সাচালকে মহানগৰীৰ মুখ্য পথসমূহত অবৈধভাৱে ৰিক্সা চলাই আহিছে৷ মহানগৰীৰ ব্যস্ত পথসমূহত অনভিজ্ঞ ৰিক্সাচালকে জধে–মধে ৰিক্সা চলোৱাৰ ফলতে যান–জঁটৰ সৃষ্টি হৈছে৷ যান–বাহন আৰক্ষীৰ গাফিলতিৰ বাবেই ৰিক্সাচালকে যেনি–তেনি প্রৱেশ কৰাৰ ফলত মহানগৰবাসীয়ে দুর্ভোগ ভুগিবলগীয়া হৈছে৷ গুৱাহাটী মহানগৰীত কেইবাহাজাৰ ৰিক্সাচালকে ৰিক্সা চলাই জীৱন যাপন কৰাৰ লগতে পৰিয়াল পোহপাল দি আহিছে৷
মহানগৰীত ই–ৰিক্সাৰ সমান্তৰালকৈ বেটেৰী, মটৰ আৰু যন্ত্রচালিত ৰিক্সাৰ সংখ্যা বৃদ্ধি পাইছে৷ নিয়ম অনুসৰি হস্ত তথা যন্ত্রচালিত ৰিক্সাচালকসকলে গুৱাহাটী পৌৰ নিগমৰ পঞ্জীয়ন লৈ পথ–উপপথত ৰিক্সা চলাব পাৰে৷ ৰিক্সাচালকসকলে পঞ্জীয়নৰ নামত ১০০ টকা আদায় দিব লাগে৷ প্রতিবছৰে নবীকৰণ কৰাৰ নামতো ৰিক্সাচালকসকলে ১০০ টকা কৰ আদায় দিব লাগে৷ কিন্তু জি এম চি কর্তৃপক্ষৰ হেমাহিৰ বাবেই জি এম চিৰ পঞ্জীয়ন অবিহনে ৰিক্সাচালকসকলে মহানগৰীৰ ৰাজপথত ৰিক্সা চলাই আহিছে৷ হস্ত তথা যন্ত্রচালিত ৰিক্সাচালকসকলে জধে–মধে ৰিক্সা চলোৱাৰ ফলত বহুকেইটা দুর্ঘটনাও সংঘটিত হৈছে৷ যন্ত্রচালিত ৰিক্সাচালকসকলে যাত্রীৰ জীৱনলৈও ভাবুকি কঢ়িয়াই আনিছে৷ হস্ত তথা যন্ত্রচালিত ৰিক্সাৰ গতিবেগ প্রতিঘণ্টাত ২০ৰ পৰা ৩০ কিলোমিটাৰ৷ হস্ত তথা যন্ত্রচালিত ৰিক্সাচালকে ই–ৰিক্সাৰ সৈতে প্রতিযোগিতাত নামি যাত্রী আৰু মহানগৰবাসীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ গুৱাহাটী মহানগৰীত অবৈধভাৱে চলাচল কৰা হস্ত তথা যন্ত্রচালিত ৰিক্সাচালকসকলৰ বিৰুদ্ধে পৰিবহণ বিভাগ, পৌৰ নিগম আৰু যান–বাহন আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷