‘দিল্লী পাব্লিক স্কুল’, যোৰহাটৰ ‘দৃষ্টি’ প্ৰকল্পৰ অধীনত প্ৰাক দীপাৱলী আৰু শিশু দিৱসৰ উপহাৰ প্ৰদান
নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ সমাজৰ পৰা অসূয়া–অপ্রীতি দূৰ কৰাৰ প্রার্থনাৰে ৰাজ্যবাসীয়ে পালন কৰিছে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী৷ ৰাজ্যত ক’ৰোনা মহামাৰীৰ সংক্রমণ অব্যাহত থকাৰ পৰিপ্রেক্ষিতত নিৰাপদ আৰু প্রদূষণমুক্ত দীপাৱলী উদযাপন কৰিবলৈ এইবেলি অসম প্রদূষণ নিয়ন্ত্রণ পৰিষদে প্রদূষণ নিয়ন্ত্রণ পৰিষদৰ নিষেধাজ্ঞাক সন্মান জনাই ৰাজ্যবাসীয়ে ফটকা–আতচবাজীৰ পৰিৱর্তে মাটিৰ চাকিৰ জৰিয়তে পোহৰৰ উৎসৱ পালন কৰে।
ইপিনে শিশু দিৱস আৰু প্ৰাক দীপাৱলী উপলক্ষে যোৰহাটস্থিত দিল্লী পাব্লিক স্কুলে তেওঁলোকৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰং তুলিকা আৰু অন্যান্য সামগ্ৰীৰে সজাই পৰাই প্ৰস্তুত কৰা মাটিৰ চাকিৰ লগতে অন্যান্য উপহাৰ মালৌপথাৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰে। ইয়াৰোপৰি নিজ পৰিয়ালৰ অংশ হিচাপে দায়িত্ব আৰু কৰ্তব্য পালন কৰাৰ লগতে আগলৈও শৈক্ষিক আৰু মানসিক দিশত বিদ্যালয়খনৰ ছাত্ৰ- ছাত্ৰীসকলক সহায়ৰ হাত আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ হয়।
উল্লেখ্য যে ‘দিল্লী পাব্লিক স্কুল’, যোৰহাটৰ কৰ্তৃপক্ষৰ নৱ চিন্তাৰ ফচল ‘দৃষ্টি’ প্ৰকল্পৰ অধীনত চলিত বৰ্ষৰ ক’ৰোনা সংকটকালত ‘দিল্লী পাব্লিক স্কুলে’ মালৌ পথাৰ জাতীয় বিদ্যালয়ৰ সম্পূৰ্ণ দায়িত্ব বহন কৰি বিগত কেইটামাহ শৈক্ষিক দিশত ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে প্ৰতিটো বিষয়ৰ অডিঅ’, হাতেলিখা প্ৰশ্নোত্তৰ ইত্যাদি বিতৰণ কৰি সহায়ৰ হাত আগবঢ়াইছিল।