অলিম্পিকত টি–২০ ক্রিকেট অন্তর্ভুক্ত কৰাৰ পোষকতা ৰাহুল দ্রাবিড়ৰ
নিয়মীয়া বাৰ্তা, ১৫ নবেম্বৰঃ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকত টি–২০ ক্রিকেট অন্তর্ভুক্ত কৰাৰ পোষকতা কৰিছে ভাৰতৰ একালৰ নির্ভৰযোগ্য বেটছমেন ৰাহুল দ্রাবিড়ে৷ আই চি চিয়ে অনাগত দিনত অলিম্পিকত টি–২০ ক্রিকেট অন্তর্ভুক্ত কৰিবলৈ চিন্তা–চর্চা অব্যাহত ৰখা সন্দর্ভত মত প্রকাশ কৰি ‘দ্য ৱাল’খ্যাত প্রাক্তন ক্রিকেটাৰগৰাকীয়ে কয় যে অলিম্পিকত টি–২০ ক্রিকেটৰ অন্তর্ভুক্তি ভদ্রলোকৰ খেলবিধৰ বাবে মংগলজনক হ’ব৷ ভাৰতৰ হৈ ১৬৪খন টেষ্ট মেচত ১৩২৮৮ ৰান সংগ্রহ কৰা বেটছমেনগৰাকীয়ে লগতে আশা প্রকাশ কৰে যে অলিম্পিকত টি–২০ ক্রিকেটৰ অন্তর্ভুক্তিয়ে সমগ্র বিশ্বত ক্রিকেটৰ প্রসাৰত অভূতপূর্বভাৱে সহায় কৰিব৷
মন কৰিবলগীয়া যে অলিম্পিকত ক্রিকেটৰ অন্তর্ভুক্তিৰ বিষয়টো সময়ে সময়ে চর্চা হৈ আহিছে যদিও বিশ্বৰ সর্ববৃহৎ ক্রিকেট ব’ড বি চি চি আয়ে ইয়াক গুৰুত্বসহকাৰে গ্রহণ নকৰাত এতিয়ালৈকে এয়া সম্ভৱ হৈ উঠা নাই৷ ২০১০ আৰু ২০১৪ৰ এছিয়ান গেমছত ক্রিকেট অন্তর্ভুক্ত হৈছিল যদিও বি চি চি আয়ে কোনো দল প্রেৰণ নকৰাত প্রতিযোগিতাখনৰ আকর্ষণ হ্রাস পাইছিল৷ ২০১৮ত আই চি চিয়ে চলোৱা এক সমীক্ষাত প্রকাশ পাইছিল যে বিশ্বৰ ৮৭ শতাংশ ক্রীড়া অনুৰাগীয়ে বিশ্বৰ সর্ববৃহৎ ক্রীড়া সমাৰোহ অলিম্পিকত ভদ্রলোকৰ খেল ক্রিকেট অন্তর্ভুক্ত হোৱাটো বিচাৰে৷ অলিম্পিকত ক্রিকেট অন্তর্ভুক্ত কৰিবলৈ দ্রাবিড়ে আগ্রহ ব্যক্ত কৰাৰ পিছত বি চি চি আয়ে কি ভূমিকা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷