চূণচালিৰ ৰামছিং চাপৰিত ভূ–মাফিয়াৰ উপদ্রৱ
নিয়মীয়া বাৰ্তা, ১৬ নবেম্বৰঃ ভূ–মাফিয়াৰ উপদ্রৱত গুৱাহাটী মহানগৰীৰ আশে–পাশে থকা পাহাৰ, অভয়াৰণ্য, জলাশয়ৰ ভূমি সংকুচিত হৈ আহিছে৷ ভূ–মাফিয়াৰ অবাধ বেদখলৰ পৰিণতিত পাহাৰ, অভয়াৰণ্য, জলাশয়ৰ জীৱকুললৈ তীব্র ভাবুকিৰ সৃষ্টি হৈছে৷ বন বিভাগ, জিলা প্রশাসনৰ হেমাহি, অদূৰদর্শিতাৰ বাবেই এতিয়া ভূ–মাফিয়াই ব্রহ্মপুত্রৰ চাপৰিৰ গছ–বন, নল–খাগৰি কাটি তহিলং কৰাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷
শেহতীয়াকৈ ভূ–মাফিয়াই চূণচালিৰ ৰামছিং চাপৰিৰ প্রায় ৩ কিলোমিটাৰ দৈর্ঘ্যৰ বিশাল অৰণ্যৰ গছ–গছনি, নল–খাগৰি কাটি পেলোৱাৰ ফলত তাত বসবাস কৰা চৰাই–চিৰিকটি, বনৰীয়া ম’হকে ধৰি জীৱকুললৈ তীব্র ভাবুকিৰ সৃষ্টি হৈছে৷ ৰামছিং চাপৰিৰ খহনীয়া ৰোধৰ বাবে প্রকৃতিপ্রেমী যুৱক ভৱেশ মহন্ত আৰু উজ্জ্বল বৰুৱাই অৰণ্য মানৱ যাদৱ পায়েঙৰ আদর্শৰে অনুপ্রাণিত হৈ ব্রহ্মপুত্রৰ চাপৰিত বাঁহ, মদাৰ, কদম, কঁঠাল, বগৰী আদিকে ধৰি বিভিন্ন প্রজাতিৰ গছপুলি ৰোপণ কৰিছিল৷ প্রকৃতিপ্রেমী যুৱক দুজনে ৰামছিং চাপৰিত বসবাস কৰা চৰাই–চিৰিকটি, জীৱ–জন্তুক ৰক্ষা কৰাৰ লক্ষ্যৰে ‘দ্য ৰিভাৰ লেণ্ড’ নামৰ সংস্থাটোৰ জৰিয়তে ২০১৮ চনৰ পৰা চাপৰিটোত গাঁঠিৰ ধন ভাঙি প্রায় দুই কিলোমিটাৰ বিভিন্ন প্রজাতিৰ গছ–গছনিৰ পুলি ৰুইছিল৷
প্রকৃতিপ্রেমী উজ্জ্বল বৰুৱাই জানিবলৈ দিয়া মতে, ‘ছেভ বার্ড ছেভ নেচাৰ’ শ্লোগানেৰে ৰামছিং চাপৰিত বসবাস কৰা চৰাই–চিৰিকটিকে ধৰি জীৱকুলক ৰক্ষাৰ বাবে কাম কৰি আহিছে৷ কিন্তু একাংশ ভূ–মাফিয়াই ৰামছিং চাপৰিৰ গছ–গছনি, নল–খাগৰি কাটি বিভিন্ন চৰকাৰী আঁচনি এই চাপৰিত ৰূপায়ণ কৰাৰ চেষ্টা চলাই আহিছে৷ চৰকাৰী আঁচনিসমূহ ব্রহ্মপুত্রৰ বালি চাপৰিত ৰূপায়ণ কৰাৰ নামত ৰামছিং চাপৰিৰ গছ–গছনি, নল–খাগৰি কাটি তহিলং কৰি আহিছে৷ ইয়াৰ ফলত ৰামছিং চাপৰিত বসবাস কৰা চৰাই–চিৰিকটি, বনৰীয়া ম’হ, শিয়াল, শহাপহু, বিভিন্ন প্রজাতিৰ মাছ–কাছকে ধৰি জীৱকুললৈ তীব্র ভাবুকিৰ সৃষ্টি হৈছে৷ প্রকৃতিপ্রেমী যুৱক দুজনে বন বিভাগ আৰু জিলা প্রশাসনক ৰামছিং চাপৰিত বসবাস কৰা জীৱকুলক ৰক্ষাৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ বহুবাৰ আবেদন জনাইছে৷ কিন্তু এইক্ষেত্রত বন বিভাগ আৰু জিলা প্রশাসনে কোনো ব্যৱস্থা গ্রহণ কৰা নাই৷
প্রকৃতিপ্রেমী উজ্জ্বল বৰুৱাই জানিবলৈ দিয়া মতে, ৰামছিং চাপৰি বিভিন্ন প্রজাতিৰ চৰাই–চিৰিকটিৰ লগতে বিলুপ্তপ্রায় ‘চোৱাম্প প্রিনিয়া’ নামৰ চৰাই, ম’হ, শহাপহু, শিয়ালকে ধৰি বহু সৰু সৰু জীৱ–জন্তুৰ বসতিস্থলী৷ বিশেষকৈ বিলুপ্তপ্রায় ‘চোৱাম্প প্রিনিয়া’ নামৰ চৰাইবিধ তিনিচুকীয়াৰ মাগুৰি মটাপুং বিলত দেখা পোৱা যায়৷ ৰামছিং চাপৰিত বসবাস কৰা বিলুপ্তপ্রায় চৰাই–চিৰিকটি আৰু জীৱকুলক ৰক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰ, বন বিভাগ আৰু জিলা প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷