নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ ত্যাগ কৰিলে সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: অৱশেষত আনুষ্ঠানিকভাৱে কংগ্রেছ ত্যাগ কৰাৰ কথা  ঘোষণা কৰিলে কোচ ৰাজবংশী জনগোষ্ঠীৰ নেতা বিশ্বজিৎ ৰায়ে৷ দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেল সম্বোধন কৰি প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক ৰায়ে এই কথা ঘোষণা কৰে৷ বিশেষকৈ আগন্তুক বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত এ আই ইউ ডি এফৰে কংগ্রেছে কৰা মিত্রতাত নাৰাজ হৈ দলটো ত্যাগ কৰা বুলি তেওঁ প্রকাশ কৰে৷

এই প্রসংগত ৰায়ে কয়– ‘বিগত নির্বাচনৰ সময়ত এ আই ইউ ডি এফ সাম্প্রদায়িক আৰু অপ্রাসংগিক বুলি মন্তব্য কৰা দলৰ একাংশ শীর্ষ নেতাই আগন্তুক বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত বিপৰীত স্থিতি গ্রহণ কৰিছে৷ কেৱল ক্ষমতা দখলৰ স্বার্থত এ আই ইউ ডি এফক প্রাসংগিক আৰু সাম্প্রদায়িক নহয় বুলি উল্লেখ কৰি তেওঁলোকৰ সৈতে উক্ত নেতাসকলে মিত্রতা কৰিবলৈ আগবাঢ়িছে৷ সেই কথা মানি ল’বলৈ টান পাইছোঁ৷ বিগত নির্বাচনৰ সময়ত ভোট বিভাজন হোৱা বাবেই ২৬টা সমষ্টিত পৰাজয় হ’বলগীয়া হৈছে৷ সেই সময়ত মই মিত্রতা বা বুজাবুজিৰে এ আই ইউ ডি এফৰ সৈতে নির্বাচন খেলি ভোট বিভাজন ৰোধ কৰাৰ দিহা দিছিলোঁ৷ কিন্তু সেই সময়ত শীর্ষ নেতৃত্বই এ আই ইউ ডি এফক অপ্রাসংগিক বুলি সেই পদক্ষেপ গ্রহণ নকৰিলে৷’ উল্লেখ্য যে ২০১৪ চনত আক্রাছুৰ প্রাক্তন সভাপতিজনে কংগ্রেছত যোগদান কৰিছিল৷ ২০১৬ চনত তেওঁ বিজনীৰ পৰা বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল৷ পৰৱর্তী সময়ত প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদকৰ উপৰি আন কেইবাটাও গুৰুত্বপূর্ণ দায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছিল ৰায়৷ শেহতীয়াকৈ বিটিচিত অনুষ্ঠিত এখন বিজেপিৰ নির্বাচনী সভাত বিশ্বজিৎ ৰায় উপস্থিত থকা কার্যক লৈ বিতর্কৰো সূচনা হৈছিল৷ এই সন্দর্ভত স্পষ্টীকৰণ দিবলৈ প্রদেশ কংগ্রেছে তেওঁক কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছিল৷ এই প্রসংগতে প্রতিক্রিয়া প্রকাশ কৰি ৰায়ে কয়– ‘বিজেপিৰ উক্ত সভাখনত মই কংগ্রেছৰ প্রতিনিধি হিচাপে যোৱা নাছিলোঁ৷ জাতিটোৰ স্বার্থত কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক হিচাপেহে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সাক্ষাৎ কৰাৰ উদ্দেশ্যে গৈছিলোঁ৷ এই সন্দর্ভত কংগ্রেছৰ শীর্ষ নেতৃত্বই মোক মৌখিকভাৱেও ঘটনা সন্দর্ভত সুধিব পাৰিলেহেঁতেন৷ কিন্তু ইয়াকে নকৰি কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা হ’ল৷ কংগ্রেছৰ বহু নেতাই শীর্ষ নেতৃত্বৰ বিৰুদ্ধে সঘনে মাত মাতি আহিছে৷ বিভিন্ন ধৰণে সমালোচনা কৰিছে৷ কিন্তু তেওঁলোকক কাৰণ দর্শোৱাৰ জাননী দিয়া হোৱা নাই৷’ কংগ্রেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিব নেকি বুলি সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে বিজেপিত যোগদানৰ কথা এতিয়াও চিন্তা–চর্চা কৰা নাই৷ এই সন্দর্ভত প্রাথমিক আলোচনাও হোৱা নাই বুলি মন্তব্য কৰি ৰায়ে কয় যে আগন্তুক সময়ত কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰি যাব৷ ২০২১ চনৰ বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্ট কৰি তেওঁ কয়– ‘মোৰ বাবে হাইকমাণ্ড মোৰ জনগোষ্ঠী৷ তেওঁলোকৰ মতামত লৈ মই আগবাঢ়ি যাম৷ কিন্তু বিজেপিত যোগদানৰ প্রাথমিক কথা–বতৰাও হোৱা নাই৷ কোনো বিষয় নথকা কংগ্রেছ ২০২১ চনৰ নির্বাচনত পৰাজয়বৰণ কৰিব৷’

You might also like