নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোষ্ঠকাঠিন্যৰ সমস্যা

কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা হাত সাৰিবলৈ পোনতে আমি নিজে গ্রহণ কৰি থকা খাদ্যৰ প্রতি বিশেষ নজৰ দিব লাগে৷ যিহেতু আঁহযুক্ত খাদ্যৰ অভাৱে শৌচ বন্ধ কৰে৷ সেয়ে আমাৰ খাদ্যত নিয়মীয়া আৰু উচিত মাত্রাত ফল–মূল, শাক–পাচলি আদি থকা নিতান্তই প্রয়োজন৷ আঁহ বুলিলে তেনেবোৰ উদ্ভিদজাত পদার্থকে বুজা যায়৷ যিসকল মানুহৰ পৰিপাক তন্ত্রই জীণ নিয়াব নোৱাৰে৷ জীণ নোযোৱাৰ বাদেও এনেবোৰ আঁহে বহু পৰিমাণে পানীভাগ শুহি লয়৷ ফলত শৌচৰ আয়তন আৰু নমনীয়তা স্বাভাৱিক পর্যায়ত থাকে৷ আমি সাধাৰণতে খোৱা আহাৰত থকা ভাত, আটা, মাহজাতীয় খাদ্য যেনে দাইল আদিও শৌচৰ স্বাভাৱিকতাৰ বাবে প্রয়োজনীয় আঁহৰ কিছুমান উৎকৃষ্ট উৎস৷ কবি, গাজৰ আদি পাচলিৰে প্রস্তুত এবাতি তৰকাৰীত প্রায় চাৰিগ্রাম আঁহ থাকে বুলি কোৱা হৈছে৷ ফল আৰু পাচলিৰ লগতে পানী প্রচুৰ পৰিমাণে খাব লাগে৷ পানী অকণমান বেছিকৈ খোৱা গ’লেও কোনো অসুবিধা নহয়৷ কিয়নো অতিৰিক্ত পানীভাগ প্রস্রাৱৰ দ্বাৰা বাহিৰ হৈ যায়৷ কোষ্ঠকাঠিন্য সমস্যাই উপযুক্ত পদক্ষেপ গ্রহণ নকৰিলে শৌচাদ্বাৰৰ ঘা বা হিম’ৰয়ডছ, শৌচাদ্বাৰ বাহিৰলৈ ওলাই অহা জটিলতাৰ সৃষ্টি কৰিব পাৰে৷ সেয়ে উপযুক্ত খাদ্য, সাৱধানতা, পানী আৰু জুলীয়া খাদ্য গ্রহণ আৰু খাদ্যাভাস জড়িত অইল প্রচেষ্টাৰ দ্বাৰা কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা পৰিত্রাণ নাপালে চিকিৎসকৰ পৰামর্শ গ্রহণ কৰাত পলম কৰিব নালাগে৷ এই ৰোগত ফার্মাচীত সুধি ঔষধ গ্রহণ কৰা অনুচিত৷ কিয়নো কেতিয়াবা জটিল অৱস্থাত অস্ত্রোপচাৰ পর্যন্ত কৰিব লাগে৷ সাধাৰণতে ত্রিফলা, খিচমিচ, নেমু ৰস, পালেং শাক, অমিতা, কমলা আদি খালেও এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷

You might also like