নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব ট্যুৰ ফাইনেলছৰ কঠিন গ্ৰুপত পি ভি সিন্ধু

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ ডিফেণ্ডিং চেম্পিয়ন ভাৰতৰ পি ভি সিন্ধুৱে বি ডব্লিউ এফ বিশ্ব ট্যুৰ ফাইনেলছৰ কঠিন গ্রুপত স্থান লাভ কৰিছে৷ অহা ১১ ডিচেম্বৰৰ পৰা গুৱাংজুত হ’বলগীয়া সন্মানীয় প্রতিযোগিতাখনত বিশ্বৰ ষষ্ঠ বাছনিৰ পি ভি সিন্ধুৱে গ্রুপ এত চীনৰ চেন য়ুফেই, হে বিংজিয়াও আৰু জাপানৰ আকানে য়ামাগুচিৰে স্থান লাভ কৰিছে৷ বুধবাৰে য়ামাগুচিৰে খেলি প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব বিশ্ব বেডমিণ্টনৰ স্বর্ণজয়ী ভাৰতৰ পি ভি সিন্ধুৱে৷ মন কৰিবলগীয়া যে ভাৰতীয় বেডমিণ্টন তাৰকাগৰাকীয়ে শেহতীয়া ৰেংকিঙৰ অষ্টম স্থানত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল যদিও বিশ্ব চেম্পিয়নশ্বিপত স্বর্ণপদক জয় কৰাৰ সূত্রে বর্ষটোৰ অন্তিমখন প্রতিযোগিতা ৱর্ল্ড ট্যুৰ ফাইনেলছত খেলাৰ যোগ্যতা অর্জন কৰে৷ উল্লেখ্য যে প্রতিযোগিতাখনৰ গ্রুপ এত স্থান লাভ কৰা সিন্ধুৱে এতিয়ালৈকে য়ুফেৰ বিপক্ষে ৯খন মেচ খেলি ৬খনত জয়, য়ামাগুচিৰ বিপক্ষে ১৬খন মেচ খেলি ১০খনত জয় আৰু বিংজিয়াওৰ বিপক্ষে ১৪খন মেচ খেলি ৫খনত জয়ৰ সোৱাদ লাভ কৰিছে৷

You might also like