নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রৰ শিল–মাটি সংগ্রহৰ বাবে মানৱবিহীন মহাকাশযান প্রেৰণ চীনৰ

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰঃ চন্দ্রৰ পৰা শিল আৰু মাটিৰ নমুনা সংগ্রহৰ বাবে মানৱবিহীন মহাকাশ যান প্রেৰণ কৰিছে চীনে৷ মহাকাশ অভিযান অব্যাহত ৰাখি চীনে চন্দ্রলৈ পঠিওৱা মানৱবিহীন মহাকাশ যানখনে বিগত চাৰিটা দশকৰ পিছত প্রথমবাৰৰ বাবে চন্দ্রৰ শিল–মাটি সংগ্রহৰ বাবে ৰাওনা হৈছে৷ ১৯৭৬ চনৰ আগষ্টত ছোভিয়েট ইউনিয়নে লুনা–২৪ অভিযানৰ জৰিয়তে শিল আৰু মাটিৰ নমুনা সংগ্রহ কৰাৰ পিছত চীনৰ এই অভিযান আৰম্ভ হৈছে৷

চলিত বর্ষৰ জুলাই মাহত মঙল গ্রহলৈ প্রথম স্বতন্ত্র অভিযান চলোৱা চীনে এখোপ আগুৱাই কালি চন্দ্রলৈ মহাকাশ যান পঠিয়ালে৷

উল্লেখ্য যে চীনে মহাকাশ অভিযান অব্যাহত ৰাখি ২০২২ চনৰ ভিতৰত নিজাকৈ মহাকাশ ষ্টেচন নির্মাণ কৰাৰো পৰিকল্পনা কৰিছে৷ তদুপৰি বেইজিঙে প্রকাশ কৰা মতে ২০২৯ চনৰ ভিতৰত বৃহস্পতিলৈ যান পঠিয়াব৷

You might also like