নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাসভৱনলৈ গৈ ডলী গগৈক সমবেদনা ৰাহুলৰ

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ  বর্ষীয়ান কংগ্রেছ নেতা তথা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক কালি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত শেষ শ্রদ্ধা জ্ঞাপন কৰে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে৷ বুধবাৰে পুৱা ৯.৪০ বজাত বিশেষ বিমানযোগে গোৱাৰ পৰা বৰঝাৰত উপস্থিত হৈ কংগ্রেছ নেতা গান্ধী পোনে পোনে শংকৰদেৱ কলাক্ষেত্রত উপস্থিত হৈ প্রয়াত মুখ্যমন্ত্রী গগৈৰ নশ্বৰ দেহত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পাছতে তেওঁ সংবাদ মাধ্যমৰ আগত গগৈৰ স্মৃতি সোঁৱৰণ কৰি কয়– ‘তৰুণ গগৈ মোৰ বাবে শিক্ষক আছিল৷ গুৰু আছিল৷ তৰুণ গগৈ কেৱল অসমৰ নেতাই নাছিল৷ তেওঁ আছিল দায়বদ্ধ মুখ্যমন্ত্রী৷ তেওঁ ৰাষ্ট্রীয় নেতা আছিল৷ অসমৰ জনসাধাৰণক তেওঁ ঐক্যবদ্ধ কৰি ৰাখিছিল৷ অসমলৈ তেওঁ শান্তি আনিছিল৷ পুত্র গৌৰৱক গগৈক যেনেদৰে ব্যৱহাৰ কৰে, মোকো তেনেদৰে ব্যৱহাৰ কৰিছিল৷ সেয়ে তৰুণ গগৈৰ মৃত্যু মোৰ বাবে ব্যক্তিগত ক্ষতি৷’

লগতে পঢ়কঃ গগৈৰ শেষকৃত্যঃ আজি ৰাজ্যজুৰি অর্ধছুটী ঘোষণা চৰকাৰৰ

 শংকৰদেৱ কলাক্ষেত্রৰ পাছতেই কংগ্রেছ নেতা ৰাহুল গান্ধী দিছপুৰৰ মিনিষ্টাৰ কলনীস্থিত গগৈৰ চৰকাৰী বাসভৱনত উপস্থিত হৈ পত্নী ডলী গগৈ আৰু পুত্র গৌৰৱ গগৈক সাক্ষাৎ কৰি সমবেদনা প্রকাশ কৰাৰ লগতে দুর্যোগৰ দিনটোত পৰিয়ালটোৰ সৈতে মত বিনিময় কৰে৷ প্রায় ১৫–২০ মিনিট সময় গগৈৰ পৰিয়ালৰ সৈতে কটাই দিনৰ ১১.৩০মান বজাত কংগ্রেছ নেতাগৰাকী বৰঝাৰ বিমানকোঠ অভিমুখে ৰাওনা হয়৷

উল্লেখ্য যে আজি নৱগ্রহ শ্মশানত হ’বলগীয়া গগৈৰ অন্ত্যেষ্টিক্রিয়া অনুষ্ঠানত নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ লগতে প্রদেশ কংগ্রেছৰ পর্যবেক্ষক তথা নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং উপস্থিত থাকিব৷ ইপিনে, কালি দুঘণ্টীয়া কার্যসূচী লৈ গুৱাহাটীত উপস্থিত হোৱা কংগ্রেছ নেতা ৰাহুল গান্ধীক বৰঝাৰ বিমানকোঠত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়াকে ধৰি কংগ্রেছ নেতৃত্বই আদৰণি জনায়৷

You might also like