নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গগৈৰ শেষকৃত্যঃ আজি ৰাজ্যজুৰি অর্ধছুটী ঘোষণা চৰকাৰৰ

প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ বিয়োগৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে আজি দিনৰ ১ বজাৰ পৰা চৰকাৰী–অর্ধচৰকাৰী সকলো কার্যালয়ত অর্ধছুটী ঘোষণা কৰিছে৷

ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে কালি এক বার্তাযোগে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন হোৱাৰ দিন উপলক্ষে আজি দিনৰ ১ বজাৰ পৰা ৰাজ্যত অর্ধছুটী ঘোষণা কৰিছে৷

ৰাজ্য চৰকাৰৰ অধীনৰ সকলো কার্যালয়, অর্ধচৰকাৰী কার্যালয়, ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠান, শিক্ষানুষ্ঠান, নিগম, পৰিষদ আদি এই সময়ছোৱাত বন্ধ থাকিব৷

You might also like