মহিলাসকলক বিনামূল্যে চেনিটাৰী পেড দিব এই দেশৰ চৰকাৰ
নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ মহিলাসকলৰ মাহেকীয়া সমস্যাৰ সময়ত বহুতেই চেনিটেৰী পেড কিনাৰ বাবে সক্ষম নহয়। মহিলাসকলক সেই সুবিধা দিবলৈ মঙলবাৰে স্কটলেণ্ড চৰকাৰে সংসদত এক আইন প্ৰণয়ন কৰে। যাৰ পাছতে কমিউনিটি চেন্টাৰ, ইয়ুথ ক্লাব, ঔষধৰ দোকানত বিনামূল্যে এনেধৰণৰ সামগ্রী এতিয়াৰে পৰা পাব মহিলাসকলে।
স্কটলেণ্ডৰ মিনিষ্টাৰ নিকোলা ষ্টাৰজিঅনে এই আইনক “মহিলা আৰু কিশোৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ নীতি” হিচাপে উল্লেখ কৰিছে।
উল্লেখ্য যে, ব্রিটেইনৰ মহিলাসকলৰ মাজত ঋতুস্রাব সংক্রান্তিয় বিষয়ে চেনিটাৰী পেড ব্যৱহাৰত বহুতেই পিছুৱাই আছে। ২০১৭ চনৰ সমীক্ষাত কোৱা হৈছে, প্রতি ১০ গৰাকীৰ ভিতৰত এগৰাকীকৈ মহিলা চেনিটাৰী পেড ব্যৱহাৰ কৰিবলৈ অক্ষম।