নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় লেপেতকটাত ভয়াবহ পথ দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ  ডিব্ৰুগড়ৰ লেপেটকটাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। বৃহস্পতিবাৰে পুৱা ধেমাজিৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ আছিল দুৰ্ঘটনাত পতিত হোৱা বৰযাত্ৰীৰ বলেৰ বাহনখন। ৰখাই থোৱা এখন ট্ৰেলাৰত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত পাঁচজন বৰযাত্ৰী থিতাতে নিহত হোৱাৰ লগতে অসম চিকিৎসা মহাবিদ্য়ালয়ত এগৰাকী যাত্ৰীৰ মৃত্যু হয়। মৃত ব্য়ক্তিকেইগৰাকী ক্ৰমে,হেম বৰা,মদন বৰা, জীৱক শইকীয়া, প্ৰকাশ দাস, কনপাই ভূঞা। নিহত সকলৰ ঘৰ ডিব্রুগড়ৰ ভগামোৰত।বাহন খনত থকা আন তিনিজনৰ অৱস্থা বৰ্তমান সংকটজনক।

 

 

You might also like