ক’ভিড–১৯ নির্দেশনা কঠোৰভাৱে বলৱৎ কৰক
ক’ৰোনাৰ সংক্রমণ বৃদ্ধিক লৈ উদ্বিগ্ণ উচ্চতম ন্যায়ালয়ৰ নির্দেশ কেন্দ্রক
নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ দেশত ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধিক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে উচ্চতম ন্যায়ালয়ে৷ ক’ভিড–১৯ৰ ভেকচিন উপলব্ধ কিম্বা মুকলি নোহোৱালৈকে কেন্দ্রীয় চৰকাৰৰ ক’ভিড–১৯ নির্দেশনা কঠোৰভাৱে বলৱৎ কৰিবলৈ উচ্চতম ন্যায়ালয়ে আজি নির্দেশ দিয়ে৷ সর্বোচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে মাস্ক পিন্ধা নীতি অধিক কঠোৰ আৰু সামাজিক দূৰত্বৰ নীতি অনুকৰণ কৰাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰক বিশেষ কঠোৰ হোৱাৰ বাবে নির্দেশ দিয়ে৷ ক’ভিড–১৯ৰ সংক্রমণ দেশৰ কেইবাখনো ৰাজ্যত বৃদ্ধি হৈ থকাৰ পৰিপ্রেক্ষিতত বিচাৰপীঠে পৰিস্থিতি সন্দর্ভত কেন্দ্রীয় চৰকাৰে অধিক কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ প্রয়োজনীয়তাৰ কথাও দোহাৰে৷ ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্রত নীতি, নির্দেশনা আৰু এছ’পি কঠোৰভাৱে বলৱৎ কৰাৰ ক্ষেত্রত গুৰুত্ব দিবলৈও বিচাৰপীঠে কেন্দ্রক নির্দেশ দিয়ে৷ আনপিনে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ৰাজ্যসমূহকো এই সন্দর্ভত টানি আনি মহামাৰী ক’ৰোনা ভাইৰাছৰ সংকটৰ সময়ত ৰাজনীতিৰ ঊর্ধ্বত গৈ পৰিস্থিতিৰ সৈতে মোকাবিলাৰ আৱশ্যক আছে বুলি কয়৷ উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে সম্প্রতি দেশত ক’ভিড–১৯ত আক্রান্তৰ সংখ্যাৰ প্রায় ৭৭ শতাংশ ১০খন ৰাজ্যতেই আছে বুলি উচ্চতম ন্যায়ালয়ক অৱগত কৰাৰ পিছতেই উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে উদ্বিগ্ণতা প্রকাশ কৰি ক’ভিড–১৯ নির্দেশনা কঠোৰভাৱে দেশজুৰি বলৱৎ কৰিবলৈ নির্দেশ দিয়ে৷ বিচাৰপীঠে কয় যে ন্যায়ালয়ে প্রতিদিনে উৎসৱ উদ্যাপন আৰু সমদল উলিওৱা প্রত্যক্ষ কৰিছে৷ ইয়াৰে ৬০ শতাংশ লোকে মাস্ক নিপিন্ধে আৰু ৩০ শতাংশ লোকে মাস্কখন মুখত ওলমাই লৈ ফুৰে৷ সময় সমাগত কঠোৰ পদক্ষেপ লোৱাৰ৷ নৱেম্বৰৰ পৰা পৰিস্থিতি বেয়াৰ পৰা অতি বেয়ালৈ গৈছে৷ যদি কঠোৰ পদক্ষেপ গ্রহণ কৰা নহয়, তেতিয়াহ’লে সকলো পদক্ষেপ অথলে যাব৷