ইছলাম ধর্মৰ একমাত্র শত্রু–নাৰীৰ পৰাধীনতা
ড০ চেলিম এম আলী
অতীতত গৰম–সেমেকা আৰু মৰুভূমিসদৃশ অঞ্চলবোৰৰ মাজত নাৰীৰ সামাজিক মর্যাদাত আছিল আকাশ–পাতাল পার্থক্য, কাৰণ গৰম–সেমেকা দেশবোৰত খাদ্য, খেতিপথাৰ আদি যথেষ্ট, লগতে জন্মৰ হাৰ অতি বেছি৷ তথাপি দক্ষিণ আমেৰিকাৰ পৰা ভাৰত হৈ দক্ষিণ–পূব এছিয়ালৈকে নাৰীৰ প্রতি বিশেষ কোনো প্রকাৰৰ দমন ইয়াত পৰিলক্ষিত নহয়৷ ইয়াৰ প্রধান কাৰণ হ’ল– অধিক জন্ম আৰু অধিক মৃত্যু৷ তাহানি এগৰাকী মহিলাই জীৱনটোৰ ৩৬টা বছৰলৈকে হয়তো ১৬টা সন্তান জন্ম দিলে আৰু বিভিন্ন কাৰণত ইয়াৰে এটাও নাবাচিল৷ ইয়াৰ প্রধান কাৰণবোৰ আছিল জন্মতে হোৱা মৃত্যু, কেঁচুৱাৰ মৃত্যু, সংক্রামক ৰোগত মৃত্যু, মহামাৰী ইত্যাদি, যিয়ে জনসংখ্যা সদায়ে দমন কৰি ৰাখিছিল৷
আনহাতে, মৰুভূমিসদৃশ দেশবোৰত খাদ্যৰ ভঁৰাল আছিল অতি সামান্যতম, খেতিপথাৰ নাছিল বুলিলেও বঢ়াই কোৱা নহ’ব৷ খাদ্যৰ উৎস আছিল শুকান ফল আৰু খাদ্যৰ সন্ধানত লগত লৈ ঘূৰি ফুৰা জন্তুৰ মাংস ইত্যাদি৷ এনে অৱস্থাত জনসংখ্যা বৃদ্ধিৰ অর্থই আছিল খাদ্যৰ নাটনি আৰু দুর্ভিক্ষ৷ লগতে জন্মতে হোৱা মৃত্যু, কেঁচুৱাৰ মৃত্যু, সংক্রামক ৰোগত মৃত্যু আদি আছিল নগণ্য আৰু ইয়াৰ প্রধান কাৰণ আছিল মৰুসদৃশ শুকান বতৰ, য’ত সেই সংক্রামক ৰোগবোৰ আছিল অতি কম, লগতে সেই অঞ্চলৰ বাসিন্দা আছিল দীর্ঘজীৱী৷ গতিকেই গর্ভধাৰণৰ ভয়ত মহিলাৰ অধিকাৰ ইয়াত সীমিত কৰা হৈছিল আৰু নিয়ম–নীতি অমান্য কৰা মহিলাৰ পৰিণতি আছিল কঠোৰ শাস্তি৷
উল্লেখ্য যে আব্রাহামীয় ধর্মৰ (ইহুদি, খ্রীষ্টিয়ান আৰু ইছলাম) উৎস আছিল সেই মৰুভূমিসদৃশ দেশবোৰত, ইয়াত মহিলাক দমন কৰাৰ একমাত্র কাৰণ আছিল জন্ম নিয়ন্ত্রণ৷ আধুনিক কালত অতীতৰ সেই সমস্যাবোৰ নোহোৱা হৈছে খেতি–বাতি উভৈনদী, সংক্রামক ৰোগৰ ঔষধ, গর্ভ প্রতিৰোধী ঔষধ, বহুতো গর্ভ প্রতিৰোধী উপায় আদিয়ে এক নতুন যুগৰ সূচনা কৰিছে যদিও সেই হাজাৰ বছৰৰ আগেয়ে কাঢ়ি নিয়া, লুণ্ঠন কৰা মহিলাৰ অধিকাৰ আজিও প্রচলিত৷ আব্রাহামীয় ধর্মত পুৰুষৰ উৎসৰ এক বিশেষ বর্ণনা আছে আৰু সেইমতে প্রথম মানৱ আদমক সৃষ্টি কৰি পৃথিৱীলৈ প্রেৰণ কৰা হৈছিল৷ যিহেতু আদমে অকলে পৰিয়াল বৃদ্ধি কৰিব নোৱাৰে, গতিকেই এখেতৰ কামিহাডৰ পৰা ইভাক সৃষ্টি কৰা হৈছিল, অর্থাৎ সেই প্রথম পুৰুষৰ উৎস কোনো মহিলাৰ জৰায়ু নাছিল আৰু মহিলাৰ গর্ভাশয়ৰ পৰা জন্ম লোৱাও নাছিল৷ গতিকে আব্রাহামীয় ধর্মত পুৰুষৰ দমন নীতি আজিও যেন সেই আদিম অধিকাৰ হৈ ৰ’ল৷ নাৰীক এইদৰে দমন নকৰা হয়, আজি বিশ্বৰ জনসংখ্যা ইমান বেছি নহ’ল হয় আৰু ইয়াৰ জ্বলন্ত প্রমাণ হ’ল সেই দেশবোৰ, য’ত নাৰী আজিও পৰাধীন৷ নাৰীৰ স্বাধীনতাৰ লগতে পুৰুষৰ সফলতা ওতপ্রোতভাৱে জড়িত৷ যদিহে ইছলামীয় নাৰীয়ে পুৰুষৰ সৈতে কান্ধত কান্ধ মিলাই ঘৰৰ বাহিৰে–ভিতৰে সকলো কামৰ ক্ষেত্রতে সমান অধিকাৰ পালে হয়, আজি পুৰুষ ইমান খঙাল আৰু উদ্ধত নহ’ল হয়৷ মহিলা লগত থাকিলে পুৰুষ সাধাৰণতে নতুবা সদায়ে ঐক্য আৰু নম্র৷
বহু তথাকথিত ধার্মিকে ইছলামত নাৰী অতিকৈ সুৰক্ষিত বুলি প্রমাণ সাব্যস্ত কৰাত বিভিন্ন পদ্ধতিৰে চালে–বেৰে কোবাই ফুৰে আৰু পুৰুষে হাতে সজা বহু উদাহৰণ দিয়ে৷ তেওঁলোকৰ ভাষ্যত ইছলামী নাৰীৰ দৰে নিৰাপদ, নিশ্চিত নাৰী পৃথিৱীত আৰু নাই, কাৰণ পাশ্চাত্য দেশবোৰত হোৱা অপৰাধবোৰৰ চৰকাৰী পৰিসংখ্যাৰ নিয়মীয়াভাৱে প্রকাশ কৰা তথ্যৰ সহায়ত এই তুলনাৰ প্রমাণ কৰা হৈছে৷ উন্নত দেশবোৰত পৰিসংখ্যা বা ‘ষ্টেটিছটিক’ প্রায়বোৰ সম্ভাব্য বিষয়তে কৰা হয়৷ উদাহৰণস্বৰূপে ডিঙিত কাঁইট লাগি কিমান লোকৰ মৃত্যু হ’ল, জখলাৰ পৰা পৰি কিমান মানুহ মৰিল, কিমানে গর্ভপাত কৰিলে বা কুকুৰে কিমান মানুহক কামুৰিলে, এই বিষয়েও পৰিসংখ্যা বা ‘ষ্টেটিছটিক’ মজুত আছে আৰু যিকোনো ব্যক্তিয়ে এয়া অধ্যয়ন কৰিব পাৰে৷ ইছলামীয় মহিলা সুৰক্ষিত বুলি দাবী কৰা পুৰুষে উন্নত দেশবোৰত ইছলামীয় মহিলাৰ প্রতি হোৱা অপৰাধৰ পৰিসংখ্যাবোৰ চাওক যে এই সংক্রান্তত অপৰাধী কোন, ইউৰো–আমেৰিকান নে পৰিয়ালৰ লোক নিজেই?
মহিলাক স্বাধীনতা দিলে মহিলা বিপদৰ সন্মুখীন হ’ব বুলি কোৱা পুৰুষে চিন্তা কৰা উচিত যে জন্মদাত্রীক বাধা প্রদান কৰাৰ এই অধিকাৰ তেওঁলোকক কোনে দিলে? নিশ্চয় কোনোবা পুৰুষে দিছে আৰু সেই আদেশ নির্ভুলভাৱে পালন কৰা তেওঁলোকৰ বাবে যেন বাধ্যতামূলক৷ পৃথিৱীত মানুহে যি কামতে হাত দিয়ে, ইয়াৰ ভাল–বেয়া দুটা সম্ভাৱনা থাকে৷ যেনে– সন্তান জন্ম দিলে কেঁচুৱাটোৰ প্রসৱৰ সময়তে মৃত্যু হ’ব পাৰে আৰু সেই ভয়তে মানুহ ইয়াৰ পৰা বিৰত থাকিবনে? যুক্তৰাজ্যত দাসত্ব প্রথা উঠাই দিয়া আৰু ইয়াক বিলুপ্ত কৰাৰ সময়ত বৰঞ্চ বহু কৃতদাসে এক যুক্তি দেখুৱাই ইয়াৰ বিৰোধিতা কৰিছিল যে স্বাধীন হ’লে তেওঁলোকক কোনে ভৰণ–পোষণ আৰু সুৰক্ষা দিব– আজিৰ বহু মহিলাৰ সেই একেই সমস্যা৷ মহিলাক স্বাধীনতাৰ পৰা বঞ্চিত নকৰিলে, পুৰুষৰ ইচ্ছাৰে মহিলাক কাপোৰ–কানি আদিৰে অতিকৈ আৱৰি নাথাকিলে, ইছলাম নিশ্চয়কৈ এক জনপ্রিয় ধর্মত পৰিণত হ’ব– অন্যথা নাৰীৰ অভিশাপৰ পৰিত্রাণ নাই৷
আইন আৰু আইন উলংঘন ওতপ্রোতভাৱে জড়িত, অর্থাৎ য’ত আইন–কানুন নাই, তাত অপৰাধ বা অপৰাধীও নাই৷ ভাৰতবর্ষ বা আন ইছলামীয় দেশত সংগঠিত পৰিসংখ্যাৰ অভাৱ যদিও অকল দৈনিক বাতৰিকাকতবোৰৰ পৰাই বুজিব পৰা যায় যে মহিলা কিমান নির্যাতিত আৰু সেয়া ইছলামী মহিলাৰ ক্ষেত্রতো সমানে প্রয়োগ হয়৷ মহিলাক অৱহেলা, অত্যাচাৰ, ঘৃণা আৰু অৱশেষত হত্যা আদি কৰাৰ প্রধান কাৰণবোৰৰ ভিতৰত আটাইতকৈ গুৰুতৰ বিষয়টো হ’ল– মহিলাৰ প্রতি পুৰুষৰ শিক্ষাৰ অভাৱ৷ পুৰুষ–মহিলাৰ শৰীৰ–বিজ্ঞানৰ শিক্ষা স্কুলীয়া শিক্ষাত বাধ্যতামূলক হোৱা সিমানেই আৱশ্যক, যিদৰে ভাষা আৰু গণিত বাধ্যতামূলক৷ আমাৰ দেশত বহু তথাকথিত ধার্মিক লোকে উক্ত শিক্ষাত বাধা প্রদান কৰে যদিও এই ধর্মান্ধ ভণ্ডসকলৰ হাতত মহিলাক দমন কৰাৰ বাহিৰে আন কোনো ব্যতিক্রমী উপায় নাই৷ উদ্দেশ্য তেওঁলোকৰ এটাই– পৃথিৱীত এইদৰে দিনকেইটা পাৰ কৰিব পাৰিলেই স্বর্গ নিশ্চিত, অর্থাৎ মহিলাৰ কান্ধত ভৰি দি স্বর্গাৰোহণ কৰা৷ কিন্তু সেয়া তেৰাসৱৰ দিবাস্বপ্ণ, এক ভুৱা সপোন৷
ঘৰুৱা নির্যাতনত নাৰীয়েই প্রধান বলি৷ এই বিষয়ত প্রথমবাৰৰ বাবে এক আন্তর্জাতিক চুক্তি আৰম্ভ কৰা হৈছিল আৰু এই চুক্তিৰ নাম ‘ইষ্টানবুল কনভেনচন’৷ ২০১১ চনৰ ১১ মে’ত ইষ্টানবুল চহৰত এই চুক্তি ক্ষমতাশালী হৈছিল৷ যদিও সেয়া ইছলামীয় দেশ, তথাপি তেওঁলোকে এই বিষয়টো ভালদৰে বুজিছে যে ধর্মৰ দোহাই দি মহিলাক দমন কৰি থাকিলে ভৱিষ্যৎ অন্ধকাৰ৷ বর্তমানলৈকে এই ‘ইষ্টানবুল কনভেনচন’ত মুঠ ৪৫খন দেশে সাক্ষৰ কৰিছে৷ তুর্কীস্তানৰ শতকৰা ৭০ ভাগতকৈ অধিক লোকে মহিলাক ঘৰুৱা নির্যাতনৰ পৰা ৰক্ষাৰ বাবে এই চুক্তিৰ সাপেক্ষে থিয় দিছে আৰু দিনকদিনে এই সংখ্যা বাঢ়িছে৷ তুৰন্তে এই দেশবোৰৰ মহিলাই ঘৰুৱা নির্যাতন আদিকে লৈ বিভিন্ন অপৰাধৰ বিৰুদ্ধে সহজে আইনৰ সহায় ল’ব৷
সমাজত পুৰুষতকৈ নাৰীৰ কর্তব্য আৰু আৱশ্যকতা বেছি, কাৰণ নাৰীয়ে গর্ভধাৰণ কৰে, সন্তান জন্ম দিয়ে, নৱজাতক বা পানীকেঁচুৱাক স্তনপানৰ সহায়ত অখাদ্যৰ পৰা ৰক্ষা কৰে আৰু এই প্রচেষ্টাৰে মানৱ জাতিক জীয়াই ৰাখে৷ লগতে খাদ্যৰ ক্ষেত্রত পুৰুষতকৈ নাৰীৰ অৱদান বহু বেছি৷ সন্তানক খাদ্য যোগানৰ বাবে নাৰীয়ে বিষাক্ত আৰু অ–বিষাক্ত খাদ্য প্রকৃতিত চিনাক্ত কৰিছিল আৰু বহু পৰিস্থিতিত নাৰীয়ে জীৱন আহুতি দিব লগাও হৈছিল৷ সভ্যতাৰ মূলতে আছে খাদ্য আৰু আন জন্তুৰ তুলনাত মানুহ ইমান বেছি সফল হোৱাৰ প্রধান কাৰণ হ’ল খাদ্যক জুইৰ সহায়ত বিষমুক্ত, হজম সম্ভৱ, খাবৰ উপযোগী কৰা আৰু এই প্রচেষ্টাৰ প্রধান কাৰণ আছিল শিশু পালন, যি কামৰ দায়িত্বত আছিল নাৰী৷ আজিও যদি নাৰী আৰু পুৰুষক জংঘল বা প্রকৃতিত পৃথককৈ খাদ্য বিচাৰিবলৈ দিয়া হয়, এনে পৰিস্থিতিত নাৰীৰ সুযোগ বেছি, কাৰণ খাদ্য চিনাক্তকৰণ আছিল নাৰীৰ জন্মগত প্রবৃত্তি৷ কিন্তু সেই নাৰীক চতুৰ পুৰুষে ধর্মৰ দোহাই দি অকল খাদ্য প্রস্তুত আৰু শিশু পালনত ঘৰৰ চাৰিবেৰাৰ মাজত বাধ্য কৰি ৰাখে৷
খাৰুৱা তেলৰ দ্বাৰা ধনী হোৱা ইছলামীয় দেশবোৰ বর্তমানে আর্থিক সমস্যাত ভুগিছে, কাৰণ খাৰুৱা তেলৰ ভৱিষ্যৎ অতিকৈ অন্ধকাৰ৷ যিহেতু যান–বাহনৰ ইন্ধনৰ বিকল্প বর্তমান বহুতো ওলাইছে, লগতে পেড্র’ল, ডিজেলৰ দাম কমি আহিছে৷ বর্তমান খাৰুৱা তেলৰ বিক্রীতকৈ উৎপাদনৰ খৰচ বেছি৷ হয়তো প্রশ্ণ হ’ব– যদিহে খৰচ বেছি, এনে অৱস্থাত উৎপাদন বন্ধ বা কমাই নিদিয়ে কিয়? যদিহে খাৰুৱা তেলৰ খনি এটা এবাৰ বন্ধ কৰা হয়, সাধাৰণতে ই চিৰদিনৰ বাবে হেৰাই যায়৷ গতিকে খৰচ বেছি হ’লেও উৎপাদন বাধ্যতামূলক আৰু এই দোধোৰ–মোধোৰ অৱস্থাত খাৰুৱা তেলৰ মাধ্যমত ধনী হোৱা দেশবোৰলৈ ভয়ানক আর্থিক সংকট আহি পৰিছে৷ এতিয়া সেই দেশবোৰক আৱশ্যক হৈছে এক ডাঙৰ বিকল্পৰ আৰু সেই বিকল্প বিচাৰি হাবাথুৰি খোৱাৰ ঠাইত তেওঁলোকৰেই বহুজনে আঙুলিয়াই দিছে – একমাত্র ভৰসা হ’ল মহিলা৷ মহিলাই পৰিৱর্তন আনিবৰ সক্ষম, কাৰণ মহিলাৰ চিন্তাধাৰা বেলেগ আৰু ভাৰতৰ ইছলামীয় মহিলাৰ এই সুযোগ আৰু বেছি, কাৰণ এই দেশত মহিলা বহুমুখী৷
(উক্ত প্ৰবন্ধটোত উল্লেখ কৰা মতামত লেখকৰ নিজস্ব আৰু সেই মতামতে নিয়মীয়া বাৰ্তাৰ বক্তব্য প্ৰতিফলিত নকৰিবও পাৰে)