নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ বিটিচি নির্বাচনৰ পূর্বে কোকৰাঝাৰত বৃহৎ অস্ত্র ভাণ্ডাৰ আৰক্ষীয়ে জব্দ কৰাক কেন্দ্র কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে সদৰী কৰা মতে, সোমবাৰে মাজনিশা অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাৰ নেতৃত্বত আৰক্ষীৰ অভিযানকাৰী দলে এক গোপন সূত্রৰ পম খেদি জিলাখনৰ বাথৌগুৰি গাঁৱত অভিযান চলায়৷ এই অভিযানকালত এটা পুখুৰীৰ পাৰত গোপেন লুকুৱাই ৰখা অৱস্থাত দলটোৱে এটা এ কে–৪৭ ৰাইফল, ৭.৬২ এমএমৰ ২৯০জাঁই সক্রিয় গুলী আৰু পইণ্ট ৩০৩ এমএমৰ ১৯জাঁই সক্রিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ অৱশ্যে ঘটনা সংক্রান্তত আৰক্ষীয়ে বাতৰি লিখা পৰলৈকে কাকো গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও তদন্ত অব্যাহত আছে বুলি জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে জানিবলৈ দিয়ে
Next Post
You might also like