নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈলৈ শ্রদ্ধাঞ্জলি

নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ সদ্যপ্রয়াত অসমৰ জনপ্রিয় প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ প্রতি  মহানগৰীৰ চন্দ্রপুৰস্থিত বেংক তিনিআলিত চন্দ্রপুৰ ব্লক কংগ্রেছ সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ বিভিন্ন দল–সংগঠনৰ সহযোগত এক শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে৷ অনুষ্ঠানৰ কার্যসূচী হিচাপে প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ প্রতিচ্ছবিত শ্রদ্ধা জ্ঞাপন কার্যসূচীৰ শুভাৰম্ভ কৰে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক তথা প্রাগজ্যোতিষপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ উপদেষ্টা ভাবেন্দ্র নাথ ডেকা আৰু নামৰূপ হাইস্কুলৰ অৱসৰপ্রাপ্ত প্রধান শিক্ষক খগেন্দ্রনাথ দাসে৷

শ্রদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰি দিয়া ভাষণত অৱসৰপ্রাপ্ত প্রধান শিক্ষক খগেন্দ্রনাথ দাসে তেখেতৰ চাকৰি কালত প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ সান্নিধ্য পাই কেনেকৈ অভিভূত হৈ পৰিছিল আৰু প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ মানুহৰ প্রতি থকা মৰম–চেনেহৰ কথা সুঁৱৰি নষ্টালজিক হৈ পৰে৷ ইয়াৰ পিছতে সর্বধর্ম প্রার্থনাৰ কার্যসূচী ৰূপায়ণ কৰা হয়৷ সর্বধর্ম প্রার্থনাত গীতা, ভাগৱত আৰু বাইবেল পাঠ কৰা হয়৷ সন্ধিয়াৰ ভাগত বন্তি প্রজ্বলনেৰে অনুষ্ঠানৰ সামৰণি পৰে৷ উল্লেখ্য যে প্রাক্তন মুখ্যমন্ত্রী প্রায়ত তৰুণ গগৈদেৱে যোৱা ২৩ নৱেম্বৰত ৮৬ বছৰত অসমৰ জনগণক কান্দুৱাই ইহলীলা সম্বৰণ কৰে৷

You might also like