নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ যোৱা ২৩ নৱেম্বৰৰ সন্ধিয়া মহাপ্রয়াণ ঘটা অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ আদ্যশ্রাদ্ধ বৃহস্পতিবাৰে দিছপুৰৰ মিনিষ্টাৰ কলনীস্থিত চৰকাৰী বাসভৱনত অনুষ্ঠিত হয়৷ পুৱাৰ ভাগতে মাংগলিক নীতি–নিয়মেৰে হৰিনাম, নাম–প্রসংগৰ জৰিয়তে মহান নেতাগৰাকীৰ আত্মাৰ চিৰশান্তি কামনা কৰে পৰিয়াল আৰু গুণমুগ্ধসকলে৷ প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ আদ্যশ্রাদ্ধ উপলক্ষে আজি পুৱাৰে পৰা গগৈৰ চৰকাৰী বাসভৱনত গুণমুগ্ধসকলে ভিৰ কৰি নেতাজনৰ প্রতি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, সাংসদ আব্দুল খালেকৰ পৰা আৰম্ভ কৰি কংগ্রেছৰ নেতা, সাংসদ, বিধায়ক, প্রাক্তন মন্ত্রী, প্রাক্তন বিধায়ক, প্রাক্তন সাংসদসকলৰ লগতে এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমল, বিভিন্ন সংগঠনৰ নেতাকে ধৰি সহস্রাধিক গুণমুগ্ধই গগৈৰ বাসগৃহত উপস্থিত হয়৷ সাধাৰণ ৰাইজৰ বাবে সচিবালয়ৰ কাষতে গগৈক শ্রদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰা হয়৷ গগৈৰ আদ্যশ্রাদ্ধ উপলক্ষে সংবাদ মাধ্যমৰ আগত সাংসদ পুত্র গৌৰৱ গগৈয়ে কয় যে প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ পৰলোকপ্রাপ্তিৰ আজি এঘাৰ দিন হ’ল৷ ইয়াৰ বাবে তেওঁলোকৰ ঘৰত আজি হৰিনাম আৰু গায়ন–বায়নৰ আয়োজন কৰা হৈছে৷ আজিৰ দিনটোত তেওঁৰ মনলৈ এটা চিন্তা আহিছে যে আজি তেওঁলোকৰ ঘৰত এজন প্রিয় সদস্য হেৰুওৱা নাই৷ এই বছৰটো অসমবাসী ৰাইজৰ বাবে এটা জটিল বছৰ৷ তেওঁলোকৰ দৰে বহুতে এই বছৰটোতে নিজৰ এজন প্রিয় ব্যক্তিক হেৰুৱাইছে৷ কোনোবাই ক’ভিডৰ বাবে, কোনোবাই পথ দুর্ঘটনাৰ বাবে, ক’ৰবাত এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ পৰলোকপ্রাপ্তি হৈছে, ক’ৰবাত এজন কণমানিৰ পৰলোকপ্রাপ্তি হৈছে৷ পুত্র গৌৰৱে পুনৰ কয়– ‘আজি মই ভগৱান কৃষ্ণ, ভগৱান ৰামৰ পৰা এটাই কামনা কৰিছোঁ– যিদৰে আমাৰ ঘৰত আজি এই হৰিনাম, গায়ন–বায়নৰ জৰিয়তে আমাৰ পৰিয়ালে যি মনৰ শক্তি আৰু মনৰ শান্তি পাইছে, সেইদৰে অসমৰ যিসকলে নিজৰ এজন প্রিয় সদস্যক হেৰুৱাইছে, তেওঁলোকেও যেন মনৰ শক্তি আৰু শান্তি পায়৷’ তেওঁ আৰু কয় যে ভগৱানৰ কৃপাত তেওঁলোকৰ ঘৰত নাম, গায়ন–বায়নৰ আয়োজন কৰাৰ ক্ষমতা বা শক্তি আছে৷ কিন্তু আর্থিক দুৰৱস্থাৰ বাবে যিসকলে ইচ্ছা থকা সত্ত্বেও সম্পূর্ণ নীতি–নিয়ম পালন কৰিব পৰা নাই, তেওঁলোককো তৰুণ গগৈৰ আদ্যশ্রাদ্ধৰ জৰিয়তে প্রার্থনা জনাইছে, যাতে তেওঁলোকৰ স্বর্গগামী প্রিয় সদস্যসকলৰ আত্মাই চিৰশান্তি লাভ কৰে৷ ইপিনে, ৰাজ্যখনৰ অগ্রণী সাংস্কৃতিক সংগঠন সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থাই (আকু) আজি গগৈৰ আদ্যশ্রাদ্ধৰ দিনটোতে প্রয়াত নেতাগৰাকীক মৰণোত্তৰভাৱে ‘মানৱ সাগৰ’ খিতাপ প্রদান কৰে৷ এই সন্মান পুত্র গৌৰৱ গগৈৰ হাতত প্রদান কৰে৷ এই খিতাপত সন্মান হিচাপে এখন স্মাৰক–পত্র, ফুলাম গামোচা আগবঢ়োৱা হয়৷ পিতৃৰ হৈ এই সন্মান গ্রহণ কৰি সাংসদ পুত্র গৌৰৱ গগৈ আৱেগিক হৈ পিতৃয়ে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান অসমৰ জনসাধাৰণৰ আশীর্বাদৰ বাবেই সম্ভৱ বুলি মন্তব্য কৰে৷ পিতৃৰ পদাংকৰে তেওঁ ৰাইজক সেৱা আগবঢ়াই যাব বুলি প্রকাশ কৰে৷