নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রকৃত যোদ্ধাৰ চৰিত্র নহয় পলায়নবাদিতা

আছুৰ পৰা আনুষ্ঠানিক বিদায় লুৰিণৰ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ ৰাজনৈতিক যাত্রা আৰম্ভ কৰাৰ প্রাক্ক্ষণত সদৌ অসম ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈক বিদায় সম্বর্ধনা জ্ঞাপন কৰিলে সংগঠনটোৱে৷ বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ বিদায় সম্বর্ধনা লৈ বিদায়ী ছাত্রনেতাগৰাকীয়ে আকৌ এবাৰ দৃঢ়তাৰে ঘোষণা কৰিলে, ‘আহিবলগীয়া যুদ্ধখন কঠিন হ’ব৷ প্রত্যাহ্বান থাকিব, কিন্তু অসম্ভৱ নহয়৷ আমাৰ হাতত এই মুহূর্তত কোনো বিকল্প বাট নাই৷ বাট এটাই, সেয়া হ’ল সংগ্রামৰ বাট৷ হয়তো যুঁজি যুঁজি আত্মবলিদান দিব লাগিব, নহ’লে নিজৰ আই মাতৃৰ মর্যাদা প্রতিষ্ঠা কৰিব লাগিব৷ অসমৰ জনতাই এই কথা এতিয়াই অনুধাৱন কৰিব লাগিব৷ নহ’লে ভৱিষ্যতে চকুলো টুকিব লাগিব৷ সংগ্রামী জনগণে নিজৰ লক্ষ্য স্থিৰ কৰি লোৱাৰ সময় আহি পৰিছে৷ আৰু ময়ো কেতিয়াও আপোচৰ পথ নোলোৱাৰ সংকল্প লৈছোঁ৷ আই মাতৃৰ পূজা কৰি যাব পৰাটোৱে হ’ব মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ প্রাপ্তি৷’ লুৰিণজ্যোতি গগৈয়ে পুনৰ ক’লে– ‘প্রত্যাহ্বানক ভয় কৰি পলায়ন কৰাটো কেতিয়াও এজন যোদ্ধাৰ চৰিত্র হ’ব নোৱাৰে৷ প্রকৃত যোদ্ধাই কেতিয়াও পলায়ন নকৰে৷’ সদৌ অসম ছাত্র সন্থা সন্দর্ভত নিজৰ উপলব্ধি ব্যক্ত কৰি তেওঁ কয় যে প্রলোভন, বিভাজনে কেতিয়াও আছুৰ গাত আঁচোৰ পেলাব নোৱাৰে৷ আছু বোৱঁতী নদী নহয়, ই সাগৰৰ দৰে বিশাল৷ দেখাত শান্ত, সৌম্য, কিন্তু ছুনামিৰো সৃষ্টি কৰিব পাৰে৷ কোনো ষড়যন্ত্রকাৰীয়ে সাগৰত শিল দলিয়াই ঢ়ৌ তুলিব নোৱাৰে৷ ইফালে ‘কা’ আন্দোলনৰ সময়ত অসমৰ ভিন্ন প্রান্তৰ জনতাই ছাত্র নেতাগৰাকীৰ হাতত তুলি দিয়া ৫,৫১,১৫২ টকাৰ বৰঙণি তেওঁ নতুন সমিতিৰ সভাপতি–সাধাৰণ সম্পাদকৰ হাতত অর্পণ কৰি কয় যে অসমৰ গাঁৱে–ভূঞে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠান, সংগঠনে ‘কা’ আন্দোলন চলাই নিবৰ বাবে সামর্থ্য অনুযায়ী বৰঙণি আগবঢ়াইছিল৷ এই বৰঙণিৰ মাজত নিহিত হৈ আছে জনতাৰ অসীম আশা৷ তাত তেওঁলোকৰ জাতিপ্রেম আছে, জাতিটোক জীয়াই ৰখাৰ অদম্য হেঁপাহ আছে৷ অসমৰ জনতাই এতিয়া ছাত্র সন্থাৰ মুখলৈ শেষ আশাৰে চাই আছে৷ ছাত্র সন্থাই সেই বিশ্বাস অটুট ৰাখি আগবাঢ়ি যাব লাগিব৷ আজিৰ বিদায় অনুষ্ঠানত ড০ সমুজ্জ্বল ভট্টাচার্য, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই লুৰিণজ্যোতি গগৈক পৰৱর্তী যাত্রাৰ বাবে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে৷ সদৌ অসম ছাত্র সন্থাৰ প্রাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া অধিৱেশনতে অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰি ৰাজনৈতিক যাত্রাৰ পাতনি মেলিব৷

You might also like