নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮টাত হাগ্রামাক ৱাক অভাৰ দি ১২ সমষ্টিত আজমল–ৰিপুণৰ প্রচাৰ

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ কোনো ৰাজনৈতিক দলৰে মিত্রতা কৰা সম্পর্কত নিখিল ভাৰত কংগ্রেছ কমিটীয়েহে সকলো সিদ্ধান্ত ল’ব বুলি হাইকমাণ্ডে বাৰম্বাৰ স্পষ্ট কৰি দিয়াৰ পাছতো প্রদেশ  কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই এ আই ইউ ডি এফকে ধৰি বিভিন্ন দলৰে মিত্রতাৰ কুচকাৱাজ চলাই আছে৷ বিটিচি নির্বাচনৰ গইনা লৈ হাইকমাণ্ডৰ সকলো নির্দেশ উলংঘা কৰি সভাপতি বৰাই বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰে মিত্রতাপাশত আবদ্ধ হৈ একেখন হেলিকপ্ঢাৰযোগে যৌথ নির্বাচনী প্রচাৰ আৰম্ভ কৰিছে৷ বিটিচিৰ নির্বাচনত ৰিপুণ–আজমলে যৌথ নির্বাচনী প্রচাৰ চলোৱাৰ সময়তে তেওঁলোকে যে অতি গোপনে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ সৈতেও মিত্রতাপাশত আবদ্ধ হৈছে, সেই ছবিখন পৰিস্ফুট হৈ পৰিছে৷ নির্বাচনী প্রচাৰ সভাসমূহত প্রদেশ কংগ্রেছৰ সভাপতি বৰাই বিজেপি, ইউ পি পি এল, গণ সুৰক্ষা পার্টীৰ দৰে বি পি এফ দলৰ সৈতেও তেওঁলোকৰ কোনো মিত্রতা নাই বুলি কৈ আহিছে যদিও কার্যক্ষেত্রত দেখা গৈছে বিপৰীত প্রতিচ্ছবি৷ কিয়নো এইবাৰ বিটিচি নির্বাচনত কংগ্রেছে ১৩টা পৰিষদীয় সমষ্টিত আৰু এ আই ইউ ডি এফে ৭টা পৰিষদীয় সমষ্টিত মুঠ ২০টা পৰিষদীয় সমষ্টিত প্রার্থিত্ব আগবঢ়াইছে৷ যোৱা মার্চ মাহতেই কংগ্রেছ আৰু এ আই ইউ ডি এফে যৌথভাৱে বিটিচি নির্বাচনত অৱতীর্ণ হোৱা বুলি দুয়োটা দলে প্রকাশ কৰিছিল৷ সেই অনুসৰি যদি বিটিচি নির্বাচনত কংগ্রেছ–এ আই ইউ ডি এফ যৌথভাৱে অৱতীর্ণ হৈছে, তেতিয়াহ’লে ৰিপুণ–আজমলৰ নির্বাচনী প্রচাৰত ২০টা পৰিষদীয় সমষ্টিক সামৰি ল’ব লাগিছিল৷ মাত্র চাৰিখন জিলাত সীমাবদ্ধ এই বিটিচি নির্বাচনত ৰাজ্যৰ নেতা হিচাপে ৰিপুণ বৰা আৰু বদৰুদ্দিন আজমল যাব নোৱাৰাৰ কোনো প্রশ্ণই নুঠে৷ কিন্তু যোৱা ১ ডিচেম্বৰৰ নিশা দিছপুৰৰ বিধায়ক আৱাসত কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে এখন বৈঠকত মিলিত হৈ তেওঁলোকে প্রার্থিত্ব আগবঢ়োৱা ২০টা সমষ্টিৰ ভিতৰত মাত্র ১২টাতহে নির্বাচনী প্রচাৰ চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷

সেই সিদ্ধান্ত অনুসৰি, কালিৰ পৰা চাৰিদিনীয়া কার্যসূচীৰে বৰা আৰু আজমলে একেখন হেলিকপ্টাৰযোগে নির্দিষ্ট ১২টা পৰিষদীয় সমষ্টিত যৌথ প্রচাৰ অভিযান আৰম্ভ কৰে৷ বাকী ৮টা পৰিষদীয় সমষ্টিত যৌথ প্রচাৰ চলোৱাৰ পৰা বিৰত থকাৰ সিদ্ধান্তই ৰাজনৈতিক মহলত ব্যাপক চর্চা লাভ কৰিছে৷ চর্চা অনুসৰি, বিটিচি নির্বাচনৰ গইনা লৈ কংগ্রেছে আজমলৰ আঙুলিত ধৰি অহা বছৰ এপ্রিল মাহত হ’বলগীয়া বিধানসভা নির্বাচনৰ বাবে যিদৰে আগবাঢ়িব বিচাৰিছে, একে সময়তে পুৰণা মিত্র হাগ্রামা মহিলাৰীৰ বি পি এফকো আদৰি ল’ব বিচাৰিছে৷ বি পি এফৰ মনত আস্থা আৰু বিশ্বাস ওভতাই অনাৰ বাবেই অতি কৌশলেৰে তেওঁলোকে প্রার্থিত্ব আগবঢ়োৱা আঠটা পৰিষদীয় সমষ্টি হাগ্রামাক ৱাক অভাৰ দিয়াৰ ব্যৱস্থা কৰিয়েই সেই সিদ্ধান্ত লৈছে৷ উল্লেখ্য যে বিটিচি নির্বাচনক লৈ বিজেপি আৰু বি পি এফৰ মাজত ব্যৱধান যথেষ্ট বৃদ্ধি পোৱাই নহয়, সম্পর্কও যথেষ্ট তিক্ততাপূর্ণ হৈ পৰিছে৷

বিজেপি দলৰ তৰফৰ পৰা মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে অহা বিধানসভা নির্বাচনত বি পি এফৰ সৈতে তেওঁলোকৰ কোনো মিত্রতা নহয় বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে৷ আনকি অহা বিধানসভা নির্বাচনত বিজেপিয়ে বিটিচিৰ অধীনস্থ ১২টা সমষ্টিতে নিজা প্রার্থী থিয় কৰাব বুলি ঘোষণা কৰিছে৷ বিজেপিৰে বি পি এফৰ মধুচন্দ্রিকা অন্ত পৰাটো নিশ্চিত হোৱাৰ দিশে অগ্রসৰ হোৱাৰ লগে লগে কংগ্রেছে পুৰণা মিত্র হাগ্রামা মহিলাৰীক আঁকোৱালি ল’ব বিচাৰিছে৷ এই সম্পর্কত ইতিপূর্বে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই প্রচাৰ মাধ্যমৰ আগত অহা বিধানসভা নির্বাচনৰ বাবে কংগ্রেছৰ নেতৃত্বত গঠন হ’বলগীয়া মহাজোঁটত অংশগ্রহণ কৰিবলৈও আহ্বান জনাইছে৷ বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীকে ধৰি দলটোৰ নেতাসকলেও বিটিচি নির্বাচনৰ পাছতেই অহা বিধানসভা নির্বাচনত তেওঁলোকে কাৰ সৈতে মিত্রতা কৰিব, সেই বিষয়ে ঘোষণা কৰিছে৷ বড়োভূমিৰ ৰাজনৈতিক পট পৰিৱর্তনৰ পৰিপ্রেক্ষিততে ৰিপুণ বৰা–বদৰুদ্দিন আজমলে যৌথ নির্বাচনী প্রচাৰৰ পৰা তেওঁলোকে প্রার্থিত্ব আগবঢ়োৱা ৮টা পৰিষদীয় সমষ্টিত বিৰত থকাৰ সিদ্ধান্তই তেওঁলোকে যে হাগ্রামা মহিলাৰীৰ সৈতে ইতিমধ্যে গোপনে মিত্রতাপাশত আবদ্ধ হৈছে, সেয়া জলজল–পটপট হৈ পৰিছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে হাগ্রামা মহিলাৰীৰ সৈতে বদৰুদ্দিন আজমলৰ সম্পর্ক পূর্বৰে পৰাই যথেষ্ট মধুৰ৷ বিভিন্ন মহলৰ ধাৰণা– বদৰুদ্দিন আজমলৰ মধ্যস্থতাতেই কংগ্রেছ আৰু বি পি এফৰ মিত্রতাও অনাগত দিনত আগবাঢ়ি যাব৷

You might also like