নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফে ২৩–২৫খন আসন জয় কৰি দখল কৰিব বিটিচি

তামুলপুৰত হাগ্রামা মহিলাৰীৰ আসনৰ অংক

নিয়মীয়া বাৰ্তা ৪ ডিচেম্বৰঃ বিটিচি পৰিষদীয় নির্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত আজি তামুলপুৰ মহকুমাৰ ২৭নং নাগ্রীজুলি পৰিষদীয় সমষ্টিৰ বিপিএফ সমর্থিত নির্দলীয় প্রার্থী ৰবীন্দ্র বিশ্বাস আৰু ২৮নং গয়বাৰী সমষ্টিৰ বিপিএফৰ প্রার্থী চণ্ডী বসুমতাৰীৰ সমর্থনত ভিন্ন স্থানত নির্বাচনী প্রচাৰ চলায় হাগ্রামা মহিলাৰীয়ে৷ ২৭নং নাগ্রীজুলি সমষ্টিৰ কাউলীত অনুষ্ঠিত এক বিশাল নির্বাচনী সভাত ভাগ লৈ বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী হাগ্রামা মহিলাৰীয়ে কয়– সমাগত বিটিচি পৰিষদীয় নির্বাচনত বিটিচিত বিপিএফৰে হ’ব চৰকাৰ৷ বিপিএফে ২৩–২৫খন আসনত জয়যুক্ত হৈ বিটিচি দখল কৰিব৷ বিটিচিত বিপিএফ চৰকাৰৰ প্রথম কাম হ’ব মাটিৰ পট্টা বিতৰণ কৰা৷ কোকৰাঝাৰেই হওক, বাক্সা, চিৰাং বা ওদালগুৰিয়েই হওক সকলোতে ভূমি পট্টা বিতৰণৰ কামটো সমাগত বিধানসভা নির্বাচনৰ পিছতে কৰাৰ পৰিকল্পনা কৰা হৈছে৷ বিটিচিত থকা ৪০টা বিভাগত খালী হৈ থকা পদবোৰ বাক্সা জিলাৰ যুৱক–যুৱতীৰ দ্বাৰা নিযুক্তিৰ ব্যৱস্থা কৰা হ’ব৷ মন্দিৰ, মছজিদ, গির্জা, নামঘৰ আদি ধর্মীয় অনুষ্ঠানবোৰত বডোলেণ্ড দর্পণ আঁচনিৰ অধীনত অনুদান দিয়া হ’ব৷ মাটি কিনা–বেচাৰ অনুমোদনৰ বাবে তামুলপুৰ, মুছলপুৰ, শালবাৰীৰ কার্যালয়তে ব্যৱস্থা কৰা আৰু বিটিচিত থকা প্রতিটো জনগোষ্ঠীৰ বাবে একোখনকৈ উন্নয়ন পৰিষদ গঠন কৰাৰ তেওঁ প্রতিশ্রুতি দিয়ে৷ ভাষণ প্রসংগত তেওঁ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে তেওঁ ১৯৯৯ চনৰ শিক্ষকৰ নিয়মীয়াকৰণৰ বাবদ চাৰিশ কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰে৷ আই চি ডি এছৰ ছুপাৰভাইজৰৰ নিয়মীয়াকৰণৰ নামতো তেওঁ বৃহৎ পৰিমাণৰ ধন সংগ্রহ কৰা বুলি অভিযোগ উত্থাপন কৰে মহিলাৰীয়ে৷ এই সভাত নির্দলীয় প্রার্থী ৰবীন্দ্র বিশ্বাস, প্রাক্তন মন্ত্রী পদম বাহাদুৰ চৌহান, কৌতুক অভিনেতা বিপুল ৰাভাই ভাষণ আগবঢ়ায়৷ ইপিনে ২৮নং গয়বাৰী সমষ্টিৰ বিপিএফ প্রার্থী চণ্ডী বসুমতাৰীৰ সমর্থনত গান্ধীবাৰী, কালাকুছি, চলিকন্দা আদিকে ধৰি বিভিন্ন স্থানত প্রচাৰ চলায়৷ আজি হাগ্রামা মহিলাৰীৰ আটাইকেইখন সভাতেই কণ্ঠশিল্পী ভৃগু কাশ্যপে গীত পৰিৱেশন কৰি ৰাইজক আমোদ দিয়ে৷

You might also like