নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাইহাটা চাৰিআলি থানাত মর্গ মুকলি এছপি পার্থসাৰথি মহন্তৰ

ভাৰপ্রাপ্ত বিষয়া ৰূপম হাজৰিকাৰ তৎপৰতাত নির্মাণ

নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ ভাৰতীয় দর্শন তথা মানৱ সমাজে বিশ্বাস কৰি আহিছে যে মৃত্যুৰ পিছত আত্মা গুচি যায় পৰমাত্মাৰ কাষলৈ৷ মৃত্যুৰ পিছত মানুহৰ পার্থিৱ দেহ পঞ্চভূতত বিলীন হয়৷ মৃতদেহক আমি শ্রদ্ধা কৰোঁ আৰু সেইবাবে আমি শ্রদ্ধাসহকাৰে ৰখা উচিত৷ মৃতদেহ ৰখাৰ বাবে মর্গ নির্মাণ কৰি বাইহাটা চাৰিআলি আৰক্ষীয়ে সৎ কাম কৰিছে৷ –এই মন্তব্য কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পার্থসাৰথি মহন্তৰ৷ আজি আবেলি কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ উদ্যোগত আৰু থানাখনৰ বিষয়া–কর্মচাৰীৰ প্রচেষ্টাত থানাখনৰ চৌহদত নৱনির্মিত মর্গ মুকলি কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়– মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সন্ধিয়া কৰিব লগা হ’লে আইনমতে আমি নিশাটো থানাত ৰাখিব লগা হয়৷ মৃতদেহ থানাত ৰখাৰ বাবে বছৰে বছৰে বহুত অসুবিধাৰ সন্মুখীন হৈ আহিছেছা৷ যেতিয়ালৈকে মৃতদেহ পঞ্চভূতত মিলি নাযায় তেতিয়ালৈকে উপযুক্ত সন্মান পাব লাগে৷ এটি মৃতদেহৰ প্রতি আমি যিমান সন্মান দেখুৱাব পাৰোঁ তেতিয়া সেই সমাজখন সিমান জ্ঞানী সূচায়৷ আৰক্ষী অধীক্ষকগৰাকীয়ে ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাক প্রশংসা কৰাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে৷ বাইহাটা চাৰিআলি থানাৰ উপদেষ্টা জগদীশ ডেকাই আঁত ধৰা অনুষ্ঠানত ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰে৷ অনুষ্ঠানত আৰক্ষী অধীক্ষক মহন্ত, ৰঙিয়া মহকুমা আৰক্ষী বিষয়া মৃণাক্ষি ডেকা, উপ–আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক, আৰক্ষী চক্র পৰিদর্শক মৃদুল বডাক ফুলাম গামোচা, জাপি আদিৰে সম্বর্ধনা জনোৱা হয়৷ অনুষ্ঠানত বাইহাটা চাৰিআলিৰ বিশিষ্ট সমাজকর্মী তফিক চৌধুৰী, যতীন ডেকা, ৰথি ডেকা, বেজেৰা গাঁৱৰ গাঁওপ্রধান দণ্ডধৰ ভূঞা, আগডলা গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মনোজ কাকতি উপস্থিত থাকে৷

You might also like