বিটিআৰ শান্তি চুক্তি বিজেপিৰ বাহিৰে কোনো দলে ৰূপায়ন কৰিব নোৱাৰিবঃ মুখ্যমন্ত্ৰী
নিয়মীয়া বাৰ্তা ৫ ডিচেম্বৰঃ ওদালগুৰিৰ মাজবাট চাহ বাগিছাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভা। পাচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী দীপক মৌড়ৰ হৈ নৃত্য গীতেৰে নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ।
প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে বিটিচিত বিপিএফৰ অপশাসনৰ কথা। বিটিআৰ শান্তি চুক্তি বিজেপিৰ বাহিৰে কোনো দলে ৰূপায়ন কৰিব নোৱাৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত উল্লেখ কৰে। ভাৰতৰ ভিতৰত ওদালগুৰি জিলাত প্ৰথমটো জৈৱিক বিশ্ব বিদ্যালয় স্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বি.টি.আৰ.ক অধিক প্ৰাণৱন্ত আৰু প্ৰগতিশীল কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে অহোপুৰুষাৰ্থ কৰি আহিছে। আমাৰ জনকল্যাণমূলক নীতিৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰি সৰ্বাঙ্গীণ বিকাশৰ স্বাৰ্থত বিজেপিৰ প্ৰতি ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখি আপ্লুত হৈছোঁ।